স্মৃতি ইৰাণীয়ে McDonald's ত চাকৰি কৰা দিনৰ PF চাৰ্টিফিকেট হ’ব নিলাম!

চাকৰি কৰা দিনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ দৰমহাৰ পৰা কৰ্তন কৰা ভৱিষ্য নিধিৰ চাৰ্টিফিকেট নিলাম হ’ব।

news18assam
Updated:June 4, 2019, 8:36 PM IST
স্মৃতি ইৰাণীয়ে McDonald's ত চাকৰি কৰা দিনৰ PF চাৰ্টিফিকেট হ’ব নিলাম!
চাকৰি কৰা দিনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ দৰমহাৰ পৰা কৰ্তন কৰা ভৱিষ্য নিধিৰ চাৰ্টিফিকেট নিলাম হ’ব।
news18assam
Updated: June 4, 2019, 8:36 PM IST
কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ গান্ধী পৰিয়ালৰ দূৰ্গ আমেঠিত পৰাস্ত কৰা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক লৈ চৰ্চাৰ অন্ত নাই। নিৰ্বাচনত আটাইতকৈ ডাঙৰ ‘অঘটন’ সম্ভৱ কৰি তোলা স্মৃতি ইৰাণীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰূপ শপত গ্ৰহণ কৰাৰ পিছতে তেওঁৰ চাৰিওফালে জয়জয় ময়ময় প্ৰচাৰ। কিন্তু এইগৰাকী স্মৃতি ইৰাণীয়ে এটা সময়ত মুম্বাইৰ বান্দ্ৰাত ফাষ্ট ফুড চেইন মেকডনাল্ডত চাকৰি কৰিছিল। হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি স্মৃতি ইৰাণীয়ে ৯০ৰ দশকত মুম্বাইৰ মেকডনাল্ডত চাকৰি কৰিছিল। অৱশ্যে নিউজ18ৰ তৰফৰ পৰা এই খবৰৰ পুষ্টি কৰিব পৰা হোৱা নাই।

প্ৰতিবেদন অনুসৰি স্মৃতি ইৰাণীয়ে সেই সময়ত চাকৰি কৰাৰ বাবদ ভৱিষ্য নিধিৰ যি ধন জমা কৰিছিল, সেই চাৰ্টিফিকেট নিলাম কৰা হ’ব। এই নিলামৰ পৰা সংগ্ৰহ কৰা ধন মহিলা কাৰিকৰৰ গোটক প্ৰদান কৰা হ’ব। মেকডনাল্ডত চাকৰি কৰাৰ পিছতে স্মৃতি ইৰাণীয়ে টেলিভিজিনৰ জগতত ভৰি থোৱাৰ খবৰ প্ৰকাশ পাইছে।

‘কিউঁকি চাচ ভি কভী বহু থী’ চিৰিয়েলৰ তুলসী বিৰানীৰ চৰিত্ৰ ৰূপায়ন কৰি জৰিয়তে দেশজুৰি অতি জনপ্ৰিয় হৈ পৰা স্মৃতি ইৰাণীয়ে বাৰ্গাৰ পইণ্টটোত কাম কৰাৰ বিনিময়ত লাভ কৰা পি এফৰ ধন কেতিয়াও ঘুৰাই লোৱা নাছিল। তেওঁৰ ভৱিষ্যনিধিৰ টকা এতিয়াও তেওঁৰ একাউণ্টত জমা হৈ আছে।

 

প্ৰায় তিনিদশকৰ পিছত মুম্বাইৰ কটন টেক্সটাইল এক্সপৰ্ট প্ৰমশ্যন কাউন্সিলৰ এজন সদস্যই সেই চাৰ্টিফিকেটৰ সন্ধান কৰিছে। এই নিলামৰ আয়োজনো কাউন্সিলে কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি