কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী (Smriti Irani)য়ে তেওঁৰ ১৮ বছৰীয়া কন্যাই গোৱাত “অবৈধ বাৰ”(illegal bar) চলাইছিল বুলি কংগ্ৰেছে (Congress) কৰা দাবীক শনিবাৰে পোনছাটেই নাকচ কৰি কয় যে প্ৰথম বৰ্ষৰ কলেজীয়া ছাত্ৰীগৰাকীক লক্ষ্য কৰি লোৱা হৈছে কাৰণ তেওঁৰ মাতৃয়ে নেচনেল হেৰাল্ড গোচৰ (National Herald case)ত ছোনিয়া আৰু ৰাহুল গান্ধী (Sonia Gandhi and Rahul Gandhi)ৰ “৫ হাজাৰ কোটি টকাৰ” লুট সন্দৰ্ভত মাত মাতিছিল। বিজেপি নেত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ ইয়াৰ উত্তৰ বিচাৰিব “আদালত, আৰু জনসাধাৰণৰ আদালতত।”
ইৰাণীয়ে এক সংবাদমেলত কংগ্ৰেছে তেওঁৰ কন্যাৰ চৰিত্ৰ “হনন” কৰিছে আৰু “ৰাজহুৱাভাৱে অপমান” কৰিছে বুলি মন্তব্য কৰি কোনো ধৰণৰ অন্যায়ৰ প্ৰমাণ দেখুৱাবলৈ প্ৰত্যাহ্বান জনায়। ‘মোৰ সন্তানৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া গান্ধী পৰিয়াল, মই আপোনালোকক কওঁ যে ৰাহুল গান্ধীক ২০২৪ চনত আমেঠী (Amethi)ৰ পৰা লোকসভা নিৰ্বাচনত যুঁজিবলৈ আকৌ পঠাওক, আৰু তেওঁ পুনৰ পৰাজিত হ’ব। সেইটোৱেই মোৰ এগৰাকী বিজেপি কৰ্মী হিচাপে আৰু এগৰাকী মাতৃ হিচাপে মোৰ প্ৰতিশ্ৰুতি।’ এই হুংকাৰ স্মৃতি ইৰাণীৰ।
স্মৃতি ইৰাণীয়ে কয়, ‘মোৰ ছোৱালীৰ দোষ হ’ল তেওঁৰ মাকে ছোনিয়া আৰু ৰাহুল গান্ধীয়ে ৫ হাজাৰ কোটি টকা লুট কৰাৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। মোৰ ছোৱালীৰ চৰিত্ৰটোক হত্যা কৰি থাকোঁতে তাত বহি খিকিন্দালি কৰা ভদ্ৰলোকজন, মই তোমাক আদালতত আৰু জনতাৰ আদালতত দেখা পাম।"
কন্যাই অবৈধ বাৰ চলোৱা বুলি অভিযোগ কৰি কংগ্ৰেছে স্মৃতি ইৰাণীক মন্ত্ৰী হিচাপে বৰ্খাস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister
Narendra Modi)ক দাবী জনোৱাৰ পিছতে স্মৃতি ইৰাণীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|