HONOR–ৰ নতুন শৈলীৰ ফোনে স্মাৰ্টফোন ক্ষেত্ৰলৈ বিপ্লৱ কঢ়িয়াই আনিছে 

News18 Assam | News18-Assam
Updated:December 27, 2019, 6:53 PM IST
HONOR–ৰ নতুন শৈলীৰ ফোনে স্মাৰ্টফোন ক্ষেত্ৰলৈ বিপ্লৱ কঢ়িয়াই আনিছে 
TechChic(টেকচিক) শৈলীয়ে নতুন প্ৰজন্মৰ কাৰণে আগবঢ়াইছে বিশেষ উপহাৰ।

TechChic(টেকচিক) শৈলীয়ে নতুন প্ৰজন্মৰ কাৰণে আগবঢ়াইছে বিশেষ উপহাৰ।

  • Share this:
ম’বাইল ফোন উদ্যোগৰ বৃহৎ নিৰ্মাতাসকলে ন–ন প্ৰযুক্তিৰে বজাৰ দখল কৰি বিক্ৰী বৃদ্ধিৰ কাৰণে অহৰহ প্ৰয়াস চলাইছে। বিস্তৃত পৰিসৰৰ বিভিন্ন ফিচাৰ ৰাইজৰ কাৰণে আগবঢ়াই প্ৰযুক্তিৰ বজাৰত ব্ৰেণ্ড নাম ওপৰলৈ তোলাৰ প্ৰয়াস কৰিছে। আগ্ৰাসনৰ এই প্ৰতিযোগীতাৰ ফলত ম’বাইল কোম্পানীসমূহে সৃজনীমূলক মাৰ্কেটিং দক্ষতাৰ সৈতে উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিক্ৰী বৃদ্ধি কৰিবলৈ লৈছে। বজাৰত খলকনিৰ সৃষ্টি কৰা প্ৰযুক্তিৰ কথা কওঁতে HONORৰ নামেই ল’ব লাগিব যিহেতু এই ব্ৰেণ্ডটোৱে প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ কৰি স্মাৰ্টফোনৰ ক্ষেত্ৰখনত বিশেষ সুনাম অৰ্জন কৰিছে।

প্ৰযুক্তিবিদ্যাৰ সৈতে অভ্যস্ত নতুন প্ৰজন্মৰ কাৰণে HONOR–এ যি শৈলী আগবঢ়াই দিছে সেয়া হৈছে জীৱনশৈলী আৰু প্ৰযুক্তিবিদ্যাৰ ৰঙীন সংযোজন, এই প্ৰযুক্তিক নাম দিয়া হৈছে   “TechChic”। এই নতুন অৰ্থই HONORক এনে এক ব্ৰেণ্ডৰ ৰূপত তুলি ধৰিছে যিয়ে ষ্টাইলিছ আৰু উন্নত প্ৰযুক্তিৰ স্মাৰ্টফোন আগবঢ়ায়। TechChicৰ অন্তৰ্নিহিত অৰ্থ ফুটাই তুলি উন্নত প্ৰযুক্তিৰে সমৃদ্ধ স্মাৰ্টফোন আগবঢ়োৱাৰ ক্ষেত্ৰত  HONOR জনপ্ৰিয় ব্ৰেণ্ড। স্মাৰ্টফোন উদ্যোগক নতুন প্ৰজন্মৰ স্মাৰ্টফোনৰে সমৃদ্ধ কৰি তোলাই ইয়াৰ লক্ষ্য।

২০১৭চনত HONOR 9ৰ মুকলিৰ লগে লগে এক সাহসী আৰু সৃজনীমূলক ডিজাইনৰ সংমিশ্ৰনে বজাৰত খলকনি তোলা দেখিবলৈ পোৱা গৈছিল। নিসন্দেহে ১৫–লেয়াৰ প্ৰচেছ তথা 3D কাৰ্ভড অৰ’ৰেল গ্লাছৰ সৈতে এয়া এক  শলাগ ল’বলগীয়া ডিজাইন আৰু ইয়াৰ দ্বাৰা স্মাৰ্টফোনটোৰ বিশেষত্ব তুলি ধৰা হৈছে। পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ অধিক উন্নতি সাধন কৰি HONOR–এ ডিচকালাৰড প’লাৰ লাইট ক’টিং প্ৰযুক্তি সম্পন্ন HONOR 10 আগবঢ়ায়। 

নতুন শৈলীৰ ডিজাইনৰ উন্মেষনে প্ৰচুৰ প্ৰশংসা বুটলাৰ লগতে  EISA (European Imaging and Sound Association)ৰ লাইফষ্টাইল স্মাৰ্টফোন অৱ দ্য ইয়েৰ ২০১৮–১৯ৰ খিতাপো অৰ্জন কৰে।

প্ৰতিটো নতুন মুক্তিৰ সৈতে, HONOR–এ শীৰ্ষত অৱগাহন কৰি গৈ আছে কাৰণ ইয়ে নতুন উন্নত প্ৰযুক্তিৰ সহায়ত প্ৰতিস্পৰ্ধী সকলৰ ফিচাৰক ধূলিস্যাৎ কৰিবলৈ সক্ষম হৈছে। বৃহৎ ম’বাইল নিৰ্মাতা গোটটোৱে HONOR Magic 2ৰ দ্বাৰা বাটাৰফ্লাই স্ক্ৰীন সংৰচনা আৰু ৩ডি কাৰ্ভ অপটিকেল নেন’মিটাৰ ভেকুৱাম ক’টিং প্ৰযুক্তি আগবঢ়াই এইক্ষেত্ৰত আৰু বিশেষ কৰিবলগীয়া বাকী নাৰাখিলে। প্ৰতিটো মুক্তিৰ সৈতে HONOR–এ চকুত পৰা প্ৰযুক্তিৰ উন্নতি কৰিছে আৰু ইয়ে বৃহৎ প্ৰশংসা বুটলাৰ লগতে বজাৰৰ অধিকাংশ দখল কৰিবলৈ সক্ষম হৈছে।

HONOR–এ সফলতাৰ অন্যতম শিখৰত অৱৰোহন কৰে HONOR View20ৰ মুক্তিৰ পিছত। ইয়াত আছে অৰ’ৰেল নেন’ টেকন’লজী ডিজাইন। ইয়াৰ  চকুত লগা পান্স হ’ল ডিচপ্লে, এক দ্ৰুত কিৰিন 980 চিপছেট যাৰ দ্বাৰা ইয়াক এক অল ৰাউণ্ড ডিভাইচ ৰূপে তুলি ধৰিছে। HONOR–এ ইয়াৰ বৈশিষ্ট্যপূৰ্ণ লুক আৰু ৰেপিড টেকন’লজিৰ দ্বাৰা আন স্মাৰ্টফোনৰ কাৰণে এক ওপৰখাপৰ মান আগবঢ়াইছে।

টেকচিক (Techchic) শব্দৰ দ্বাৰা HONOR–এ নতুন প্ৰজন্মৰ কাৰণে প্ৰডাক্ট আগবঢ়াইছে। এই প্ৰডাক্ট বা সামগ্ৰীসমূহ হৈছে প্ৰযুক্তিগতভাৱে উন্নত আৰু ২১শতিকাৰ নতুনৰ জীৱনশৈলীৰ কাৰণে সপ্ৰতিভ কিন্তু খৰছৰ ফালৰ পৰা মিতব্যয়ী। আৰম্ভনিতে নতুন প্ৰজন্মৰ দৃষ্টি ব্ৰেণ্ডে আকৰ্ষণ কৰিছে আৰু যথেষ্ট সমাদৰো লাভ কৰিছে। ৰং উজলাই তোলা আৰু দেখনিয়াৰ কৰাৰ দিশৰ পৰা HONOR–এ প্ৰথমৰ পৰা অহোপুৰুষাৰ্থ কৰি আছে। এই ধাৰা অব্যাহত ৰাখি HONOR–এ আৰম্ভ কৰিছে HONOR 20 Pro আৰু HONOR 20 য’ত আছে নতুন ডায়নেমিক হল’গ্ৰাফিক বেক ডিজাইন। সকলো সূক্ষ্ম দিশলৈ মন কৰি ব্ৰেণ্ডে বিশেষ স্বীকৃতি লাভ কৰিছে আৰু এয়া আৰু থমকি নৰয়। সৰ্বোপৰি HONOR–এ  Techchic শব্দটো আৰম্ভ কৰিলে কাৰণ এই বিশেষত্বপূৰ্ণ ব্ৰেণ্ডটো হাই–টেক, আলট্ৰা–মডাৰ্ন ডিজাইন আৰু ট্ৰেণ্ডী কালাৰৰ কাৰণে বিখ্যাত। ব্ৰেণ্ডটোৱে ক্ৰেতাক সদায় চমকৃত কৰি আহিছে ইয়াৰ উন্নতমানৰ প্ৰযুক্তি আৰু ক্ৰাফটমেনশ্বিপৰ দ্বাৰা। 

HONOR–এ খলকনি তোলা প্ৰযুক্তিৰ দ্বাৰা ক্ৰেতাসকলক শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠ স্মাৰ্টফোন আগবঢ়াই আহিছে আৰু সেইকাৰণে ইয়াক আগশাৰীৰ ম’বাইল নিৰ্মাতাৰ শাৰীত ৰখা হয়।  বৈশিষ্ট্যপূৰ্ণ সৃজনীৰে প্ৰতিবাৰে নতুন চমক দিয়া কাৰণে HONORৰ স্মাৰ্টফোন মডেল জনপ্ৰিয়। ষ্টাইলৰ প্ৰতিভুৰূপে জনাজাত HONOR স্মাৰ্টফোনে ইতিমধ্যে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে আন আন বিশেষত্ব থকা ফোন ব্ৰেণ্ডক যুঁজ দিবলৈ সক্ষম হৈছে।

সৃজনীমূলক মাৰ্কেটিং স্কীল আৰু উন্নত প্ৰযুক্তিৰ সংযোজনেৰে HONOR–এ বজাৰখন দখল কৰিছে আৰু এক বিশেষত্ব থকা ব্ৰেণ্ডলৈ পৰিণত হৈছে। ভাৰতত HONOR–এ  ২০২০চনত স্মাৰ্টফোন, টিভি আৰু পিন্ধিব পৰা সামগ্ৰীৰ আকৰ্ষণীয় উৎপাদন কৰাৰ  থিৰাং কৰিছে। আমি এতিয়া মাত্ৰ TechChic ব্ৰেণ্ডে আমালৈ কি নতুন আগবঢ়াব পাৰে সেয়া অপেক্ষা কৰিব লাগে।
আৰু চাওক
পৰৱৰ্তী বাতৰি