অসম নহয়, এইবাৰ বাংগালুৰু পালেগৈ অবৈধ বাংলাদেশী, শিশু মহিলাসহ ৬০ গৰাকীক গ্ৰেপ্তাৰ

এতিয়া অসমেই কেৱল অবৈধ বাংলৈদেশীৰ চৰণীয়া পথাৰ হৈ থকা নাই!

News18-Assam
Updated:October 27, 2019, 10:35 PM IST
অসম নহয়, এইবাৰ বাংগালুৰু পালেগৈ অবৈধ বাংলাদেশী, শিশু মহিলাসহ ৬০ গৰাকীক গ্ৰেপ্তাৰ
এতিয়া অসমেই কেৱল অবৈধ বাংলৈদেশীৰ চৰণীয়া পথাৰ হৈ থকা নাই!
News18-Assam
Updated: October 27, 2019, 10:35 PM IST
এতিয়া অসমেই কেৱল অবৈধ বাংলৈদেশীৰ চৰণীয়া পথাৰ হৈ থকা নাই! অবৈধ বাংলাদেশীৰ আগ্ৰাসনে অসমৰ সমাজ ব্যৱস্থালৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে এইবাৰ বাংগালুৰুত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে শিশু মহিলাসহ ৬০ গৰাকী অবৈধ বাংলাদেশী।

শনিবাৰে বাংগালুৰ আৰক্ষীৰ চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে মহানগৰখনত অবৈধভাৱে বাস কৰি থকা ৬০ গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। বাংগালুৰৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰি আহিছিল গ্ৰেপ্তাৰ হোৱা বাংলাদেশী কেইটা।বিদেশী আইন, ১৯৪৬ৰ অধীনত গ্ৰপ্তাৰ কৰা উক্ত ব্যক্তিসকলৰ লগত নাছিল কোনো ধৰণৰ ভিচা। অতি শীঘ্ৰে বাংলেদেশলৈ তেওঁলোকক প্ৰেৰণ কৰা হ’ব বুলি জনাইছে ৰাজ্যখনৰ চৰকাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি