দিল্লী আৰক্ষীৰ জালত পৰিছে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা ৬গৰাকী দুৰ্ধৰ্ষ উগ্ৰপন্থী। আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমে ভাৰতত সন্ত্ৰাস বিয়পাবলৈ প্ৰেৰণ কৰা এই ৬ দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত দিল্লী আৰক্ষীৰ অভিযানকাৰী শাখাই এই ৬ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।
ভাৰতৰ পৰা মস্কতলৈ যোৱা এই উগ্ৰপন্থীৰ দলটোক জলপথেৰে পাকিস্তানত প্ৰশিক্ষণ প্ৰদানৰ বাবে নিছিল ডাউড ইব্ৰাহিমৰ ভাতৃয়ে। আৰক্ষীৰ এক সূত্ৰ অনুসৰি, উগ্ৰপন্থীৰ দলটোৱে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কূটাঘাতৰ পৰিকল্পনাৰে ভাৰতলৈ আহিছিল। ওচামা আৰু জিছান নামৰ এই দুগৰাকী সন্ত্ৰাসবাদীৰ নেতৃত্বত ৬জনীয়া দলটোৱে ভুৱা পৰিচয় পত্ৰৰে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল।
আনহাতে, সন্ত্ৰাসবাদীৰ দলটোৱে নৱৰাত্ৰি আৰু দীপাৱলীত দিল্লী আৰু মহাৰাষ্ট্ৰৰ কেইবাঠাইতো আইইডি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটাৰ পৰা আইইডি আৰু ইটালীত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছে। সন্ত্ৰাসবাদীকেইটাই আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোকৰ সৈতে বাংলা ভাষাত কথা কোৱা ১৪জন মুছলমান যুৱকো প্ৰশিক্ষণৰ বাবে পাকিস্তানলৈ গৈছিল।
গতিকে পাকিস্তানত পশ্চিমবংগ অথবা অসমৰ মুছলমান যুৱকে প্ৰশিক্ষণ গ্ৰহণ কৰাৰো সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱা সংস্থাই। পাকিস্তানত থকা ডাউড ইব্ৰাহিমৰ এটা ফাৰ্ম হাউছত সন্ত্ৰাসবাদীকেইটাক অস্ত্ৰচালনা আৰু বোমা প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।