ক্ৰমশঃ অতি ভয়ংকৰ হৈ পৰিছে দিল্লীৰ পৰিস্থিতি, মৃতকৰ সংখ্যা সাতজনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:February 25, 2020, 9:21 AM IST
ক্ৰমশঃ অতি ভয়ংকৰ হৈ পৰিছে দিল্লীৰ পৰিস্থিতি, মৃতকৰ সংখ্যা সাতজনলৈ বৃদ্ধি
ৰণক্ষেত্ৰ হৈ পৰিছে দিল্লী।

ৰণক্ষেত্ৰ হৈ পৰিছে দিল্লী।

  • Share this:
ৰণক্ষেত্ৰ হৈ পৰিছে দিল্লী। উত্তৰ পূৱ দিল্লীত বিগত সময়ত চিএএ আৰু এনআৰচি বিৰোধী যি আন্দোলন আৰম্ভ হৈছিল সেয়া আন্দোলনক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা ভয়ংকৰ পৰিস্থিতি যেন লাহে লাহে অধিক অৱনমিত ঘটিছে। এই পৰ্যন্ত সাতজন লোকৰ মৃত্যু ঘটিছে। মঙলবাৰে পুৱাও একাংশ ঠাইত শিলাবৰ্ষণ কৰে একাংশ বিক্ষোভকাৰীয়ে। মঙলবাৰে ঘটনাৰ কেন্দ্ৰস্থল হৈছে মৌজপুৰ আৰু ব্ৰহ্মপুৰী। মঙ্গলবারও ঘটনার কেন্দ্রস্থল মৌজপুর ও ব্রহ্মপুরী৷



এইপৰ্যন্ত হিংসাত্মক ঘটনাত মুঠ সাতজনৰ মৃত্যু ঘটিছে। ইয়াৰ মাজত আছে আৰক্ষীৰ লোকো। সোমবাৰে হিংসাৰ পিছত উত্তৰ পূৱ দিল্লীৰ বহুকেইটা এলেকাত ১৪৪ধাৰা জাৰি কৰা হৈছে। দিল্লী চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে উপদ্ৰৱ চলা এলেকাত বন্ধ থাকিব চৰকাৰী স্কুল। নিশালৈকে আহতৰ সংখ্যাই অতিক্ৰম কৰিছিল ১৬০ৰো অধিক সংখ্যা।

দিল্লীৰ পৰিস্থিতিক লৈ নিশা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই বৈঠকত উপস্থিত থাকে দিল্লীৰ আয়ুক্ত, গৃহ সচিব তথা অন্যান্য উচ্চ পদস্থ বিষয়া। আলোচনাৰ সমগ্ৰ প্ৰসংগ ৰাজহুৱা নকৰিলেও দিল্লীৰ হিংসাক লৈ যে কেন্দ্ৰ উদ্বিগ্ন সেই কথা স্পষ্ট। নিশা দিল্লীৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ছোনীয়া গান্ধীয়েও। এখন চিঠি লিখি তেওঁ দিল্লীৰ সাধাৰণ ৰাইজক শান্তি বৰ্তাই ৰখাৰ আৱেদন কৰে। ইফালে মেক্স হাস্পতালত ডিচিপি অমিত শৰ্মাৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয়। পূৰ্বতকৈ ভাল তেওঁৰ অৱস্থা। আৰক্ষীৰ উচ্চপদস্থ বিষয়াই তেওঁক সাক্ষাৎ কৰে।
Published by: Tulika Devi
First published: February 25, 2020, 9:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি