নজৰুল মঞ্চত অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈ যথেষ্ঠ সতেজ ৰূপতে দেখা গৈছিল কেকেক। মাজে সময়ে তেওঁক ঘাম মচি থকা দেখা গৈছে। লগতে টেবুলৰ তলত ৰখা পানীৰ বটলৰ পৰা পানী খোৱা দেখা গৈছে শিল্পীগৰাকীক। নজৰুল মঞ্চত অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈ যথেষ্ঠ সতেজ ৰূপতে দেখা গৈছিল কেকেক। মাজে সময়ে তেওঁক ঘাম মচি থকা দেখা গৈছে। লগতে টেবুলৰ তলত ৰখা পানীৰ বটলৰ পৰা পানী খোৱা দেখা গৈছে শিল্পীগৰাকীক। বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কেকে আৰু নাই। কলকাতাৰ নজৰুল মঞ্চত মঙলবাৰে এক কনচাৰ্টৰ অন্তত অসুস্থ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালত চিকিৎসকে কণ্ঠশিল্পীগৰাকীক মৃত ঘোষণা কৰে। কেকেৰ বিয়োগত নিউ মাৰ্কেট থানাত অস্বাভাৱিক মৃত্যুৰ এক গোচৰ ৰুজু হৈছে। হাস্পতাললৈ নিয়াৰ পূৰ্বেই মৃত্যু হয় কেকেৰ। সম্ভৱত হোটেলৰ ৰুমত পৰি গৈছিল তেওঁ। কাৰণ চকুৰ ভ্ৰু আৰু ওঁঠত আঘাতৰ চিন আছিল কেকেৰ।
নজৰুল মঞ্চত অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈ যথেষ্ঠ সতেজ ৰূপতে দেখা গৈছিল কেকেক। মাজে সময়ে তেওঁক ঘাম মচি থকা দেখা গৈছে। লগতে টেবুলৰ তলত ৰখা পানীৰ বটলৰ পৰা পানী খোৱা দেখা গৈছে শিল্পীগৰাকীক। তীব্ৰ গৰমত তেওঁ যে অস্বস্তি বোধ কৰিছিল,সেয়া স্পষ্টকৈ বুজা গৈছে। প্ৰচণ্ড গৰম বুলি কোৱাও শুনা যায় তেওঁক। ইংগিতেৰে মঞ্চৰ ওপৰৰ লাইটবোৰ দেখুৱাই কৈছিল, ‘‘নুমাই দিয়ক।’’ কিন্তু অনুষ্ঠানৰ শেষত এনে এক খবৰ শুনা যাব বুলি সপোনতো ভৱা নাছিল।
Published by: Sanjay Kumar Das
First published: June 01, 2022, 09:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|