• Home
  • »
  • News
  • »
  • nation
  • »
  • Singer KK No More: ভাৰতীয় সংগীত জগত উকা কৰি গুচি গ'ল জনপ্ৰিয় গায়ক কে কে

Singer KK No More: ভাৰতীয় সংগীত জগত উকা কৰি গুচি গ'ল জনপ্ৰিয় গায়ক কে কে

এটা অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কিছু সময় পিছতে অসুস্থ হৈছিল তেওঁ

এটা অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কিছু সময় পিছতে অসুস্থ হৈছিল তেওঁ

এটা অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কিছু সময় পিছতে অসুস্থ হৈছিল তেওঁ

  • Share this:
ভাৰতীয় সংগীত জগতত শোকাকুল কৰি গুচি গ'ল কৃষ্ণকুমাৰ কুন্দন ওৰফে কেকে। ১৯৯০ৰ দশকৰ পৰা বৰ্তমানলৈকে নিজৰ প্ৰতিভাৰে বহু দৰ্শক-শ্ৰোতাক মুগ্ধ কৰি ৰখা কে কেৰ অকাল মৃত্যুত ম্ৰিয়মাণ দেশবাসী।

বাংলা, হিন্দী, তামিল, কানাড়া, মালায়ালম, মাৰাঠী, অসমীয়া ভাষাত সুৱদী কণ্ঠ নিগৰোৱা কৃষ্ণকুমাৰ কুন্দনে এটা অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কিছু সময় পিছতে অসুস্থ হোৱাত কলকাতাৰ ডায়মণ্ড হাৰ্বাৰ ৰোডৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যুৰ কোলাত ঢলি পৰে প্ৰখ্যাত গায়কগৰাকী।

তথ্য অনুসৰি, কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠানৰ বাবে নজৰুল মঞ্চত সংগীত প্ৰদৰ্শনৰ সময়ত অসুস্থ হৈ গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মৃত্যু হয়। মঞ্চত সংগীত প্ৰদৰ্শনৰ সময়ত তেওঁ অসুস্থ হৈছিল। কেকেই মঞ্চত বাৰে বাৰে কৈছিল যে তেওঁ অলপ অসুস্থ যেন অনুভৱ কৰি আছে।



সেয়ে তেওঁ স্পটলাইট অফ কৰিবলৈও কৈছিল। শেষত তেওঁ হোটেললৈ উভতি গৈছিল, য'ত অধিক অসুস্থ হোৱাৰ পিছত তেওঁক ডায়মণ্ড হাৰ্বাৰ ৰোডৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত তেওঁক মৃত ঘোষণা কৰা হয়।
Published by:Gautam Barman
First published: