কেঁচা বাদামৰ সৰু ব্যৱসায়েৰে কোনোদিনে এটা প্ৰাসাদাপম অট্টালিকা নিৰ্মাণ কৰা সম্ভৱ নাছিল, কিন্তু 'কাঁচা বাদাম' গানে সম্ভৱ কৰিলে সেই সপোন। গানেৰে ভুবন জয় কৰা ভুবন বাদ্যকাৰে নিজ গৃহভূমি বীৰভূমতে সাজি আছে তেওঁৰ সপোনৰ প্ৰাসাদ। সপোনক সাকাৰ ৰূপ দি ভাইৰেল গায়ক বাদ্যকাৰে কয়- ''পকীঘৰ নিৰ্মাণৰ সপোন বহুদিনীয়া, কিন্তু ই সম্ভৱ হৈ উঠা নাছিল। কিন্তু এতিয়া ভগৱানে মূৰ তুলি চাইছে।''
'দাদাগিৰি'ৰ মঞ্চত ভুবন বাদ্যকাৰে কয় যে তেওঁলোকৰ জীৱন বহু দিন ধৰি মাটিৰ ঘৰত অতিবাহিত হৈ আহিছে। তেওঁৰ পত্নী আদুৰীয়েও যথেষ্ট কষ্ট পাইছিল এই ঘৰত। যদি তেওঁ
সুযোগ পায়, তেওঁ এই দুখ আঁতৰাবলৈ চেষ্টা কৰাৰ বিষয়ে চিন্তা কৰিছিল। এতিয়া তেওঁৰ ভাইৰেল গানে সেই সপোন বাস্তৱ কৰিলে (singer Bhuban Badyakar makes his new house in Birbhum)।
স্থানীয় লোকসকলৰ মতে, ভুবনে এটা 'প্ৰাসাদ' নিৰ্মাণ কৰি আছে। লগাইছে টাইলছ। ভৱনটো নিৰ্মাণ কৰিবলৈ কিমান টকা খৰচ হৈছিল সেই বিষয়ে তেওঁ কয়- ''এতিয়ালৈকে আনুমানিক ৫-৬ লাখ টকা ব্যয় কৰা হৈছে। কিন্তু আমি লিখা-পঢ়া নাজানো। মই ক'তো লিখিও ৰখা নাই, ধাৰণা মতে এতিয়ালৈ সিমানখিনিয়ে খৰচ কৰা হৈছে।''
উল্লেখ্য, জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতহে ভুবন বাদ্যকাৰৰ (‘Kancha Badam’ singer Bhuban Badyakar) জীৱন সলনি হ'বলৈ আৰম্ভ কৰিছিল। তেওঁ বহু ঠাইৰ পৰা গান গাবলৈ আমন্ত্ৰণ পাবলৈ আৰম্ভ কৰিছিল। প্ৰচাৰৰ লগতে তেওঁ টকাও পাবলৈ আৰম্ভ কৰিছিল। তেতিয়াই ভুবনে এটা পকী ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। এজন ইণ্টেৰিয়ৰ ডিজাইনাৰে ভুবন বাদ্যকাৰৰ ঘৰটো সজাব বুলিও জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|