GIC-Reliance Retail deal: ৰিলায়েন্স ৰিটেইলত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে ছিংগাপুৰৰ বিনিয়োগকাৰী সংস্থাই

News18 Assam | News18-Assam
Updated:October 3, 2020, 10:54 AM IST
GIC-Reliance Retail deal: ৰিলায়েন্স ৰিটেইলত ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে ছিংগাপুৰৰ বিনিয়োগকাৰী সংস্থাই
এইবাৰ ছিংগাপুৰৰ জি আই চিয়ে ৪,৫১২.৫ কোটি টকা বিনিয়োগ কৰিছে ৰিলায়েন্স ৰিটেইলত।

এইবাৰ ছিংগাপুৰৰ জি আই চিয়ে ৪,৫১২.৫ কোটি টকা বিনিয়োগ কৰিছে ৰিলায়েন্স ৰিটেইলত।

  • Share this:
বিদেশী বিনিয়োগকাৰীৰ বাবে এতিয়া অত্যন্ত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স। ৰিলায়েন্স জিঅ’ আৰু ৰিলায়েন্স ৰিটেইলত এতিয়া ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ। এইবাৰ ছিংগাপুৰৰ বিনিয়োগকাৰী সংস্থা জি আই চিয়ে ৫,৫১২.৫ কোটি টকা বিনিয়োগ কৰিলে ৰিলায়েন্স ৰিটেইলত।

চলিত সপ্তাহতে এয়া হ’ল ষষ্ঠটো বিনিয়োগ। ৫,৫১২.৫ কোটি টকা বিনিয়োগ কৰি ৰিলায়েন্স ৰিটেইলৰ ১.২২ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে জি আই চিয়ে। যোৱা ২ অক্টোবৰ তাৰিখে এই বৃহত্‍ বিনিয়োগৰ কথা জনাইছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ তৰফৰ পৰা।



ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন ও মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীয়ে কয় যে, জি আই চিৰ গ্লোবেল নেটৱৰ্ক আৰু ট্ৰেক ৰেকৰ্ড অত্যন্ত সমৃদ্ধিশালী। জি আই চিৰ সৈতে এই সম্পৰ্কই ভাৰতৰ ৰিটেইল চেক্টৰক অন্য মাত্ৰা প্ৰদান কৰিব।’

জ আই চিৰ চি ই অ’ কিয়াতে কয় যে, ‘আমাৰ বিশ্বাস ৰিলায়েন্স ৰিটেইলৰ বিশাল চাপ্লাই চেইন, ষ্টোৰ নেটৱৰ্ক আৰু শক্তিশালী লজিষ্টিক আৰু পৰিকাঠামোৰ সহায়ত গ্ৰাহক আৰু শ্বেয়াৰ হোল্ডাৰ উপকৃত হ’ব।
Published by: Himangshu Bhuyan
First published: October 3, 2020, 10:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading