কথা ক’ব যদিও নোৱাৰে যদিও পোহনীয়া জীৱ-জন্তু গৃহস্থৰ অত্যন্ত বিশ্বাসী। বহুতে নিজৰ সন্তানৰ দৰেই মৰম কৰে পোহনীয়া জীৱ-জন্তুক। পোহৰলৈ আহিছে এক আচৰিত ঘটনা।ঝাৰখণ্ডৰ মুখীয়াটোলী অঞ্চলৰ এজন লোকৰ দেহত শুকুৰবাৰে ধৰা পৰে কোৰোণাৰ অৱস্থিতি। আৰু আক্ৰান্ত লোকজনক এম্বুলেন্সেৰে হাস্পতাললৈ নিবলৈ অহাৰ সময়তে গাওঁবাসীয়ে এটা ছাগলীৰ ব্যৱহাৰ দেখি আচৰিত হৈ পৰে।
কোৰোণাত আক্ৰান্ত লোকজনৰ সৈতে এম্বুলেন্সৰ ভিতৰত এটা ছাগলীক দেখা গৈছিল। মালিকৰ একেবাৰে কাষতে আছিল ছাগলীটো। নিজৰ মালিকৰ সৈতে যাবলৈ চলাইছিল চেষ্টা। বহু চেষ্টাৰ অন্ততো এম্বুলেন্সৰ পৰা নমাব পৰা নাছিল ছাগলীটোক।
পিছত ছাগলীটোক যেতিয়া এম্বুলেন্সৰ পৰা নমাই এম্বুলেন্স ষ্টাৰ্ট দিয়া হয়, তেতিয়া ছাগলীটো এম্বুলেন্স খনৰ আগত গৈ থিয় হৈ দিলে। বহু সময়ধৰি এনেদৰেই থাকে ছাগলীটো। আনকি এম্বুলেন্স খনে ৰোগীজনক লৈ যোৱাৰ পিছতো বহুদূৰ দৌৰি গৈ থাকে । আৰু শেষত ঘৰলৈ উভতি আহি বাহিৰতে পৰি থাকে গৃহস্থৰ মৰমৰ ছাগলীটো। কোনো লোকে খাবলৈ দিছিল যদিও, মুখত নিদিলে একোৱেই!
এই দৃশ্যই এতিয়া এবাৰলৈ হলেও ভবাই তুলিছে সকলোকে। পোহনীয়া জন্তুৰ গৃহস্থলৈ মৰম দেখি অভিভূত সকলো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|