உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • জিঅ’ত দ্বিতীয়টো বিনিয়োগ চিলভাৰ লেকৰ–এইবাৰ ৪৫৪৬.৮০ কোটি টকা বিনিয়োগ

    জিঅ’ত দ্বিতীয়টো বিনিয়োগ চিলভাৰ লেকৰ–এইবাৰ ৪৫৪৬.৮০ কোটি টকা বিনিয়োগ

    মুঠ ৪০ বিলিয়ন ডলাৰ সম্পদ থকা চিলভাৰ লেক তথ্যপ্রযুক্তি ক্ষেত্রৰ বিশ্বৰ ভিতৰতে সর্ববৃহৎ বিনিয়োগকাৰীৰ অন্যতম৷

    মুঠ ৪০ বিলিয়ন ডলাৰ সম্পদ থকা চিলভাৰ লেক তথ্যপ্রযুক্তি ক্ষেত্রৰ বিশ্বৰ ভিতৰতে সর্ববৃহৎ বিনিয়োগকাৰীৰ অন্যতম৷

    মুঠ ৪০ বিলিয়ন ডলাৰ সম্পদ থকা চিলভাৰ লেক তথ্যপ্রযুক্তি ক্ষেত্রৰ বিশ্বৰ ভিতৰতে সর্ববৃহৎ বিনিয়োগকাৰীৰ অন্যতম৷

    • Share this:
    মুম্বাই– ৰিলায়েন্স জিঅ’ত আকৌ এবাৰ বিনিয়োগৰ সিদ্ধান্ত ল’লে চিলভাৰ লেক তথা সহকাৰী বিনিয়োগকাৰীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ তথা জিঅ’ প্লেটফৰ্মৰ পৰা এই কথা ঘোষণা কৰা হৈছে। যোৱা ৪ মে’ত জিঅ’ত ৫৬৫৫.৭৫ কোটি টকা বিনিয়োগ কৰিছিল চিলভাৰ লেকে৷ একমাহৰ ভিতৰত আকৌ এবাৰ ৪৫৪৬.৮০ কোটি টকা বিনিয়োগৰ কথা জনাইছে আৰু ইয়াৰ লগে লগে জিঅ’ত চিলভাৰ লেক তথা ইয়াৰ সহকাৰী বিনিয়োগকাৰীৰ বিনিয়োগৰ পৰিমাণ বাঢ়ি ১০,২০২.৫৫ কোটি টকা হ’লগৈ ৷  জিঅ’ত চিলভাৰ লেকৰ অংশীদাৰীত্বৰ পৰিমাণ বৃদ্ধি পাই হ’লগৈ ২.০৮ শতাংশ৷

    ইয়াৰ লগে লগে বিগত ৬ সপ্তাহৰো কম সময়ৰ ভিতৰত তথ্যপ্রযুক্তি ক্ষেত্রৰ বিশ্বৰ অগ্রণী বিনিয়োগকাৰীয়ে মুঠ  ৯২,২০২.১৫ কোটি টকা বিনিয়োগ কৰিলে জিঅ’ত৷ এই তালিকাত আছে ফেচবুক (৪৩,৫৭৩.৬২ কোটি টকা), চিলভাৰ লেক পার্টনাৰ্ছ (৫৬৫৫.৭৫ কোটি টকা), ভিষ্টা ইক্যুইটি পার্টনাৰ্ছ (১১,৩৬৭ কোটি টকা), জেনেৰেল আটলাণ্টিক (৬৫৯৮.৩৮ কোটি টকা), কেকেৰ (১১,৩৬৭ কোটি টকা), মুবাডালা (৯০৯৩ কোটি টকা) আৰু চিলভাৰ লেক (৪৫৪৫.৮০ কোটি টকা)-ৰ দৰে সংস্থাৰ বিনিয়োগ।

    সন্মিলিতভাৱে ৪০ বিলিয়ন ডলাৰৰ সম্পত্তি থকা চিলভাৰ লেক তথ্যপ্রযুক্তি ক্ষেত্রৰ বিশ্বৰ সর্ববৃহৎ বিনিয়োগকাৰীৰ মাজত অন্যতম৷ বিশ্বমানৰ মেনেজমেণ্ট টীমৰ সৈতে জৰিত হৈ অসাধাৰণ প্রতিষ্ঠান নিৰ্মাণ কৰাই চিলভাৰ লেকৰ লক্ষ্য। Airbnb, আলীবাবা, ডেল টেকন’লজী, টুইটাৰ, Alphabet's Verily and Waymo Units-ৰ দৰে অসংখ্য বিশ্বখ্যাত সংস্থাত বিনিয়োগ কৰিছে চিলভাৰ লেকে।

    চিলভাৰ লেকৰ এই বিপুল বিনিয়োগক লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীয়ে কয়, 'ভাৰতৰ ডিজিটেল ব্যৱস্থাক প্রত্যেক ভাৰতীয়ৰ উন্নতিৰ কাৰণে সলনি কৰি তোলাৰ দিশত চিলভাৰ লেক তথা তেওঁলোকৰ সহকাৰীৰ বিনিয়োগকাৰীসকল আমাৰ অতি মূল্যবান অংশীদাৰ। আমি তেওঁলোকৰ আস্থা তথা সমৰ্থন লাভ কৰি অতি সুখী। একেসময়তে বিশ্বৰ তথ্যপ্রযুক্তি ক্ষেত্রত তেওঁলোকৰ নেতৃত্ব প্ৰদানৰ অভিজ্ঞতাৰ পৰাও আমি উপকৃত হ’ম আৰু ইয়াৰ জৰিয়তে আমাৰ দেশৰ ডিজিটেল সমাজক সলনি কৰিব পৰা যাব৷ মই সজোৰে ক’ব বিচাৰো যে কোভিড ১৯ মহামাৰীৰ সত্ত্বেও মাত্র পাঁচ সপ্তাহৰ ভিতৰত জিঅ’ত চিলভাৰ লেকৰ অতিৰিক্ত বিনিয়োগে ভাৰতীয় অর্থনীতিৰ স্বকীয় শক্তিৰে পৰিচায়ক। ডিজিটেল শক্তিৰ সঠিক বিকাশ হ’লে এই শক্তি আৰু বৃদ্ধি পাব।’

    এই সন্দৰ্ভত চিলভাৰ লেকৰ যৌথ মুখ্য কাৰ্যবাহী বিষয়া তথা মেনেজিং পাৰ্টনাৰ ইগন ডাৰবানে কয়, 'আমি আৰু অধিক সংখ্যক সহকাৰী বিনিয়োগকাৰীক এই সুযোগ দিব পাৰিম তথা সস্তাত অধিক উন্নত মানৰ ডিজিটেল সেৱা দিয়াৰ ক্ষেত্ৰত জিঅ’ৰ লক্ষ্যত সহযোগীতা কৰিবলৈ পাই আমি অতি সুখী। বিনিয়োগৰ এই ধাৰাৰ পৰাই স্পষ্ট যে, জিঅ’ৰ ব্যবসায়িক মডেল অত্যন্ত সম্ভাৱনাময় তথা মুকেশ অম্বানী আৰু তেওঁৰ টীমৰ প্ৰতি আমি মুগ্ধ। বিশ্বৰ অন্যতম উন্নত টেকন’লজি সংস্থা গঢ়াৰ সাহসী স্বপ্ন এয়া।'

     
    First published: