১০ অক্টোবৰৰ পৰা আকৌ পৰ্যটকৰ বাবে মুকলি হ’ব ছিকিম

News18 Assam | News18-Assam
Updated:September 25, 2020, 4:04 PM IST
১০ অক্টোবৰৰ পৰা আকৌ পৰ্যটকৰ বাবে মুকলি হ’ব ছিকিম
Source-Google

কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটক অহাত নিষেধাজ্ঞা আৰোপ কৰিছিল ছিকিম চৰকাৰে

  • News18 Assam
  • Last Updated: September 25, 2020, 4:04 PM IST
  • Share this:
অহা ১০ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ছিকিম। যোৱা সপ্তাহত এই সিদ্ধান্ত গ্ৰহণ কৰে ছিকিম চৰকাৰে। ইফালে অহা ১ অক্টোবৰৰ পৰাই পশ্চিমবংগৰ পৰা আহিবলগীয়া যানবাহন ছিকিম সীমান্তৰে পাৰ হ’ব পাৰিব।

ইফালে পৰ্যটকৰ বাবে হোটেল আৰু ৰাষ্টুৰেণ্ট মুকলি কৰাৰ ক্ষেত্ৰতো শীঘ্ৰে বিশেষ গাইড লাইন জাৰি কৰিব ছিকিম চৰকাৰে। ইফালে পৰ্যটকে ছিকিমৰ হোটেল অহা ২৭ ছেপ্তেম্বৰৰ পৰাই বুকিং কৰিব পাৰিব।

উল্লেখযোগ্য যে, কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটক অহাত নিষেধাজ্ঞা আৰোপ কৰিছিল ছিকিম চৰকাৰে। সেইদৰে যোৱা ২১ তাৰিখৰ পৰা ছিকিমৰ ৰাজধানী চহৰ গেংটকত সম্পূৰ্ণ ল’ক ডাউন বলৱত্‍ কৰা হৈছে। অহা ২৭ ছেপ্তেম্বৰলৈকে বলৱত্‍ হৈ থাকিব ল’ক ডাউন।
Published by: Himangshu Bhuyan
First published: September 25, 2020, 4:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading