চাকৰি হেৰুৱাব ছিকিমৰ ১০ হাজাৰ যুৱক–যুৱতীয়ে!

নৱগঠিত ছিকিম ক্ৰান্তিকাৰী মৰ্চা চৰকাৰে এক বিবৃত্তিযোগে চামলিং চৰকাৰৰ দিনত নিযুক্ত ১০ হাজাৰ যুৱক–যুৱতীৰ নিযুক্তি বাতিল কৰাৰ নিৰ্দেশ দিছে।

news18assam
Updated:June 7, 2019, 3:45 PM IST
চাকৰি হেৰুৱাব ছিকিমৰ ১০ হাজাৰ যুৱক–যুৱতীয়ে!
নৱগঠিত ছিকিম ক্ৰান্তিকাৰী মৰ্চা চৰকাৰে এক বিবৃত্তিযোগে চামলিং চৰকাৰৰ দিনত নিযুক্ত ১০ হাজাৰ যুৱক–যুৱতীৰ নিযুক্তি বাতিল কৰাৰ নিৰ্দেশ দিছে।
news18assam
Updated: June 7, 2019, 3:45 PM IST
চাকৰি হেৰুওৱাৰ উপক্ৰম হৈছে ছিকিমৰ ১০ হাজাৰ যুৱক–যুৱতীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে ‘One Family One Job’ আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ১০ হাজাৰ যুৱতীক অস্থায়ীৰূপে নিযুক্তি দিছিল বিভিন্ন খালী পদত। কিন্তু চামলিং চৰকাৰৰ পতনৰ পিছত এতিয়া এই ১০ হাজাৰ যুৱক–যুৱতীয়ে চাকৰি হেৰুওৱাৰ আশংকাত ভুগিছে।

নৱগঠিত ছিকিম ক্ৰান্তিকাৰী মৰ্চা চৰকাৰে এক বিবৃত্তিযোগে চামলিং চৰকাৰৰ দিনত নিযুক্ত ১০ হাজাৰ যুৱক–যুৱতীৰ নিযুক্তি বাতিল কৰাৰ নিৰ্দেশ দিছে। নিৰ্বাচনী বিধি উলংঘা কৰি নিযুক্তি দিয়াৰ অভিযোগত এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।



চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে শীঘ্ৰে এই নিৰ্দেশনা উঠাই লোৱাৰ দাবী জনাইছে। অন্যথা আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছে পৱন চামলিং নেতৃত্বাধীন SDF দলে।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনাত কিমান সংখ্যক যুৱক–যুৱতীৰ নিযুক্তি বাতিল কৰা হ’ব সেই সন্দৰ্ভত কোনো স্পষ্ট উল্লেখ নাই। কিন্তু SDF দলে অভিযোগ কৰিছে যে প্ৰায় ১০ হাজাৰ যুৱক–যুৱতী ক্ষতিগ্ৰস্ত হ’ব চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ ফলত। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে ৰাজ্যখনৰ যিসমূহ পৰিয়ালত চৰকাৰী চাকৰিয়াল নাই, সেই পৰিয়ালসমূহৰ বাবে মুকলি কৰিছিল ‘One Family One Job’ আঁচনি।



এই আঁচনিৰ জৰিয়তে দ্বিতীয় পৰ্যায়ত নিযুক্তি দিয়া হ’ব প্ৰায় ৮ হাজাৰ নিবনুৱাক। ২০১৯ৰ জানুৱাৰীত প্ৰথম পৰ্যায়ত নিযুক্তি দিয়া হৈছিল ১২ হাজাৰ যুৱক–যুৱতীক। অৱশ্যে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই এই আঁচনি বাহাল ৰাখিছে যদিও একাংশ নিবনুৱাক নিৰ্বাচনী বিধি বাহাল থকাৰ সময়ত নিযুক্তি দিয়াৰ অভিযোগ কৰি সেইসকলৰ নিযুক্তি বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি