• Home
  • »
  • News
  • »
  • nation
  • »
  • ল’কডাউন খোলাৰ পিছত ছিকিমলৈ যাম বুলি ভাবিছে যদি পাহৰি যাওক! কেতিয়ালৈকে যাব নোৱাৰিব ৰাজ্যখনলৈ?

ল’কডাউন খোলাৰ পিছত ছিকিমলৈ যাম বুলি ভাবিছে যদি পাহৰি যাওক! কেতিয়ালৈকে যাব নোৱাৰিব ৰাজ্যখনলৈ?

এইপৰ্যন্ত দেশৰ ভিতৰত একমাত্ৰ কোৰোণা মুক্ত ৰাজ্য ছিকিম।

এইপৰ্যন্ত দেশৰ ভিতৰত একমাত্ৰ কোৰোণা মুক্ত ৰাজ্য ছিকিম।

এইপৰ্যন্ত দেশৰ ভিতৰত একমাত্ৰ কোৰোণা মুক্ত ৰাজ্য ছিকিম।

  • Share this:
ছিকিমঃ কোৰোণাক লৈ অতি সতৰ্ক হৈছে ছিকিম। দেশৰ ভিতৰতে উত্তৰ পূৱৰ এইখন ৰাজ্যই একমাত্ৰ কোৰোণা মুক্তি হৈ আছে। ক্ষুদ্ৰতম ৰাজ্যখনে কোৰোণা প্ৰতিহত কৰিবলৈ জানুৱাৰী মাহৰ পৰাই গ্ৰহণ কৰিছিল সতৰ্কতা। এইপৰ্যন্ত কোনো ধৰণৰ সংক্ৰমণ নাই যদিও ছিকিমে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতা। পৰ্যটনৰ ওপৰতে নিৰ্ভৰশীল ৰাজ্যখনে সহজে খুলি নিদিয়ে পৰ্যটকৰ কাৰণে প্ৰৱেশ পথ। ৰাজ্য চৰকাৰে  অক্টোবৰ পর্যন্ত পর্যটকৰ প্ৰৱেশ ৰাজ্যত নিষিদ্ধ কৰিছে।

পর্যটনমন্ত্রী বি এছ পন্থে জনায়, এই বছৰ কৈলাস মানসৰোবৰৰ যাত্রা বন্ধ থাকিব। গতিকে বন্ধ ৰখা হ’ব নাথুলা পাছো। জুন মাহত মানসৰোবৰৰ যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল। নাথুলা বাণিজ্য পথ আৰু কৈলাস মানসৰোবৰৰ যাত্ৰাৰ পৰা প্ৰতি বছৰে এক বৃহৎ আৰ্থিক সাহাৰ্য লাভ কৰে ছিকিম চৰকাৰে। বিগত বছৰত প্ৰায় বাৰ লাখ পৰ্যটকে এই সময়চোৱাত ছিকিম ভ্ৰমণলৈ গৈছে। বিদেশৰ পৰা আহিছিল দেৰ লাখ পৰ্যটক।
Published by:Tulika Devi
First published: