উত্তৰ ছিকিমৰ খেদুঙত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। গাড়ী দুৰ্ঘটনাত নিহত ৫জন পৰ্যটকৰ। গাড়ীৰ চালকৰো মৃত্যু হয়। জানিব পৰা মতে, পৰ্যটক ভৰ্তি বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ এটা কেঁকুৰিত খাৱৈত পৰি যায়। দেওবাৰে পুৱা সেনা, স্থানীয় আৰক্ষী আৰু বাসিন্দাসকলে উদ্ধাৰকাৰ্যত নামে। উদ্ধাৰ হৈছে ৬টা মৃতদেহ। মৃতদেহকেইটা গেংটকলৈ অনাৰ ব্যৱস্থা কৰা হয়। শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।