মুখ্যপৃষ্ঠা »খবৰ »দেশ »ছিকিমত ভাৰতীয় সেনা বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ১৬ জন বিষয়া-জোৱান নিহত

ছিকিমত ভাৰতীয় সেনা বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ১৬ জন বিষয়া-জোৱান নিহত

ছিকিমত ভাৰতীয় সেনা বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ১৬ জন বিষয়া-জোৱান নিহত

ছিকিমত ভাৰতীয় সেনা বাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ১৬ জন বিষয়া-জোৱান নিহত

দুৰ্ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়, আৰু চাৰিজন আহত সৈনিকক উলিয়াই অনা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাটোত ৩ জন কনিষ্ঠ কমিচনেড অফিচাৰ আৰু ১৩ জন জোৱানৰ মৃত্যু হয়।

  • Share this:
শুকুৰবাৰে উত্তৰ ছিকিমৰ জেমা অঞ্চলত ভাৰতীয় সেনা বাহিনীৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পিছলি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাত কমেও ১৬ জন সেনা জোৱান নিহত হয়।


উল্লেখযোগ্য যে, ৰাতিপুৱা চাটেনৰ পৰা থাংগু অভিমুখে যোৱা তিনিখন বাহনৰ কনভয়ৰ অংশ আছিল এই দুৰ্ভাগ্যজনক বাহনখন। মংগন জিলা পাৰ হৈ যোৱাৰ সময়ত বাহনখনে চকা ঘূৰাওতে ঠেক ঢালৰ পৰা তললৈ বাগৰি পৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জোৱানসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। “তেওঁলোকৰ সেৱা আৰু দায়বদ্ধতাৰ বাবে জাতিটো গভীৰভাৱে কৃতজ্ঞ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।’


দুৰ্ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়, আৰু চাৰিজন আহত সৈনিকক উলিয়াই অনা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাটোত ৩ জন কনিষ্ঠ কমিচনেড অফিচাৰ আৰু ১৩ জন জোৱানৰ মৃত্যু হয়।

শেহতীয়া বাতৰি