মুখ্যপৃষ্ঠা »খবৰ »দেশ »Sikhs Blame Kashmir Files: 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকৰ বিৰুদ্ধে কাশ্মীৰী শিখসকলক অৱজ্ঞাৰ অভিযোগ শিখ সমাজৰ, চট্টিসিংপোৰা গণহত্যাৰ প্ৰসংগ উত্থাপন

Sikhs Blame Kashmir Files: 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকৰ বিৰুদ্ধে কাশ্মীৰী শিখসকলক অৱজ্ঞাৰ অভিযোগ শিখ সমাজৰ, চট্টিসিংপোৰা গণহত্যাৰ প্ৰসংগ উত্থাপন

''কাশ্মীৰী পণ্ডিতসকলক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱা হৈছিল, ইয়াক উপেক্ষা কৰিব নোৱাৰি, কিন্তু শিখ আৰু মুছলমানসকলেও বিদ্ৰোহৰ সময়ত ত্যাগ কৰিছে।''

''কাশ্মীৰী পণ্ডিতসকলক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱা হৈছিল, ইয়াক উপেক্ষা কৰিব নোৱাৰি, কিন্তু শিখ আৰু মুছলমানসকলেও বিদ্ৰোহৰ সময়ত ত্যাগ কৰিছে।''

  • Share this:
আজি চট্টিসিংপোৰা গণহত্যাৰ ২২তম বাৰ্ষিকী। ২০০০ চনৰ আজিৰ দিনটোতে কাশ্মীৰৰ চট্টিসিংপোৰা গাঁৱত উগ্ৰপন্থীৰ নৰসংহাৰত ৩৫গৰাকী শিখ নিহত হৈছিল। ভাৰতৰ ইতিহাসত ডাঙৰ নৰসংহাৰ কাণ্ডৰ ভিতৰত ইয়াকো গণ্য কৰা হয়।

চট্টিসিংপোৰা গণহত্যাৰ ২২তম বাৰ্ষিকীৰ দিনটোতে (22nd anniversary of the Chhattisinghpora massacre) শিখসকলে শেহতীয়াকৈ জনপ্ৰিয়তাৰ শীৰ্ষত থকা দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনক লৈ সমালোচনামুখৰ হোৱা দেখা গৈছে। শিখসকলৰ মতে, চিনেমাখনত কেৱল এটা দিশ দেখুওৱা হৈছে। তেওঁলোকৰ মতে, সত্যটো হ'ল কাশ্মীৰত উগ্ৰবাদ আৰম্ভ হোৱাৰ সময়ত কাশ্মীৰী পণ্ডিত আৰু কাশ্মীৰী শিখ আৰু মুছলমানসকলো একে পৰিস্থিতিৰ সন্মুখীন হৈছিল।

শিখসকলে কয় যে ২০০০ চনৰ ২০ আৰু ২১ মাৰ্চৰ মাজনিশা অজ্ঞাত বন্দুকধাৰীসকলে এখন গাঁৱত প্ৰৱেশ কৰি দুটা গুৰুদ্বাৰাৰ সন্মুখত শিখসকলক একত্ৰিত কৰিছিল আৰু নিৰ্বিচাৰভাৱে তেওঁলোকক গুলীয়াইছিল, যাৰ ফলত ৩৫গৰাকী শিখৰ ঘটনাস্থলীত মৃত্যু হৈছিল।

এজন স্থানীয় চৰ্দাৰ ৰিচপাল সিঙৰ মতে, দ্য কাশ্মীৰ ফাইলছ (The Kashmir Files) চলচ্চিত্ৰখনত কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা বৰ্ণনা কৰা হৈছে। তেওঁ অৱশ্যে কয় যে কাশ্মীৰী পণ্ডিতসকলক (Kashmiri Pandits) প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱা হৈছিল, ইয়াক উপেক্ষা কৰিব নোৱাৰি। কিন্তু শিখ আৰু মুছলমানসকলেও বিদ্ৰোহৰ সময়ত ত্যাগ কৰিছে। ৰিচপাল সিঙে কয় যে চলচ্চিত্ৰত কাশ্মীৰী মুছলমানসকলক পণ্ডিতসকলৰ প্ৰব্ৰজনৰ বাবে দায়ী কৰাৰ চেষ্টা কৰা হৈছে, কিন্তু এয়া বাস্তৱ নহয়। কিয়নো ইয়াত মুছলমান আৰু শিখসকলে কাশ্মীৰী পণ্ডিতসকলৰ দৰেই ভুগিছে। তেওঁৰ মতে, ছবিখনত শিখসকলৰ দুৰ্দশাক উপেক্ষা কৰা হৈছিল।

চট্টিসিংপোৰাত ৩৫গৰাকী শিখক হত্যা কৰাৰ উপৰি মাহজুৰ নগৰ আৰু পোছ ক্ৰেৰীত শিখসকলক নিৰ্মমভাৱে হত্যা কৰা হৈছিল, যাক উপেক্ষা কৰা হৈছে। জ্ঞানী ৰাজেন্দ্ৰ সিং নামৰ এজন সমাজকৰ্মীয়ে কয় যে যদিও গণহত্যাৰ ২২ বছৰ পাৰ হৈ গৈছে, তথাপি আশাবোৰ শেষ হোৱা নাই, আৰু ভুক্তভোগীসকলে বাৰে বাৰে দাবী জনাইছে যে চৰকাৰে গোচৰটোক লৈ পুনৰ তদন্ত কৰিব।

ৰাজেন্দ্ৰ সিঙে কয় যে তেওঁলোকে এই ২২ বছৰত ন্যায়ৰ বাবে প্ৰতিখন দুৱাৰত টোকৰ মাৰিছে, কিন্তু চৰকাৰে হত্যাকাৰীসকলক বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক ন্যায় প্ৰদানত ব্যৰ্থ হৈছে। জ্ঞানী ৰাজেন্দ্ৰ সিঙে কাশ্মীৰত (Jammu and Kashmir) বাস কৰা শিখসকলক সংখ্যালঘুত অন্তৰ্ভুক্ত কৰিবলৈ আৰু অ-প্ৰব্ৰজনকাৰী কাশ্মীৰী পণ্ডিতসকলৰ দৰে প্ৰধানমন্ত্ৰীৰ পেকেজ দিয়াৰ দাবী জনাইছে।

উল্লেখ্য যে ২০০০ চনত চট্টিসিংপোৰাত সংঘটিত গণহত্যাৰ সময়ত তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন (US President Bill Clinton) কাশ্মীৰ ভ্ৰমণলৈ গৈছিল। যদিও চৰকাৰে গণহত্যাৰ পিছত কেইবাটাও তদন্ত আয়োগ গঠন কৰিছিল, জম্মু-কাশ্মীৰৰ তদানীন্তন মুখ্যমন্ত্ৰী ড০ ফাৰুক আব্দুল্লাই ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু পিছত গোচৰটো বন্ধ কৰা হৈছিল, আৰু হত্যাকাৰীসকলক আজিলৈকে চিনাক্ত কৰা হোৱা নাই।

শেহতীয়া বাতৰি