পাঞ্জাবী গায়ক-ৰাজনীতিবিদ সিধু মুছেৱালা (Sidhu Moosewala)ক হত্যা কৰাৰ দায়িত্ব স্বীকাৰ কৰা কানাডাৰ গেংষ্টাৰ সতীন্দৰজিৎ সিং ওৰফে গোল্ডী ব্ৰাৰ (Satinderjit Singh alias Goldy Brar)ৰ বিৰুদ্ধে ইন্টাৰপোলে (Interpol) জাৰি কৰিছে ৰেড কৰ্ণাৰ নোটিচ।
ভাৰতৰ ইন্টাৰপল যোগাযোগ সংস্থা চিবিআই (CBI)ৰ লিখিত অনুৰোধত আজি ব্ৰাৰ বিৰুদ্ধে RCN (Red Corner Notice) জাৰি কৰা হৈছে। কিন্তু সংস্থাটোৰ সূত্ৰই জনোৱা মতে, RCN জাৰি কৰাৰ অনুৰোধ মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতে জড়িত নহয়।
কিন্তু RCN জাৰি কৰাটোৱে ব্ৰাৰক প্ৰত্যাৰ্পণ কৰাৰ পথ প্ৰশস্ত কৰিছে — যি কাৰাগাৰত বন্দী মুছেৱালাৰ হত্যাকাণ্ডৰ প্ৰধান সন্দেহযুক্ত গেংষ্টাৰ লৰেন্স বিষ্ণয় (gangster Lawrence Bishnoi)ৰ ঘনিষ্ঠ আৰু যিজনে মুছেৱালাৰ হত্যাকাণ্ডত তেওঁৰ গেংটোৰ জড়িত থকা বুলি দাবী কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|