• Home
  • »
  • News
  • »
  • nation
  • »
  • Sidhu Moose Wala Murder : সিদ্ধু মুছেৱালাৰ হত্যাকাৰী গ্ৰেপ্তাৰ, গুলীচালনাৰ পিছত পঞ্জাৱী গানৰ তালত কৰা ''ধেমালি''ৰ ভিডিঅ' ভাইৰেল

Sidhu Moose Wala Murder : সিদ্ধু মুছেৱালাৰ হত্যাকাৰী গ্ৰেপ্তাৰ, গুলীচালনাৰ পিছত পঞ্জাৱী গানৰ তালত কৰা ''ধেমালি''ৰ ভিডিঅ' ভাইৰেল

হত্যাকাৰীসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ স্ফূৰ্তি কৰা এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে।

হত্যাকাৰীসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ স্ফূৰ্তি কৰা এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে।

হত্যাকাৰীসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ স্ফূৰ্তি কৰা এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে।

  • Share this:
পঞ্জাৱ প্ৰদেশক জোকাৰি যোৱা সিদ্ধু মুছেৱালা হত্যাকাণ্ডত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। সিদ্ধু মুছেৱালাক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা অংকিত ছিৰছাক দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁৰ সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰে।

এয়া দিল্লী আৰক্ষী বিশেষ কোষৰ দলটোৰ বাবে সফলতা বুলি গণ্য কৰা হৈছে, কিয়নো সিদ্ধু মুছেৱালা হত্যাকাণ্ডত চৰ্চালৈ আহিছিল ৬জন শ্বুটাৰৰ নাম। ইয়াৰে এজন প্ৰিয়ব্ৰত ফৌজীক আগেয়ে গ্ৰেপ্তাৰ কৰা হৈছিল।

৬জন শ্বুটাৰৰ ভিতৰত ফৌজী আৰু অংকিত আছিল মূল শ্বুটাৰ। সূত্ৰ অনুসৰি, এখন বলেৰো গাড়ীখনত বহি আছিল তেওঁলোক। বলেৰ’ৰে মুছাৱালাৰ গাড়ীত খুন্দা মৰাৰ পিছত আটায়ে গুলী চলাইছিল। কিন্তু আটাইতকৈ ভয়ংকৰ ৰূপত ফৌজী আৰু অংকিতে মুছৱালাৰ ওপৰত গুলীচালনা কৰিছিল।

শ্বুটাৰ অংকিতৰ পৰা ৩টা পঞ্জাৱ আৰক্ষীৰ ইউনিফৰ্ম উদ্ধাৰ কৰা হৈছে। বিশেষ কোষৰ জ্যেষ্ঠ বিষয়াসকলে ইতিমধ্যে প্ৰকাশ কৰিছে যে সিদ্ধু মুছেৱালাক হত্যাৰ পূৰ্বে এক নম্বৰ অভিযান আছিল আৰক্ষীৰ পোছাকত গুলীচালনা কৰা লোকসকল সিদ্ধু মুছেৱালাৰ ঘৰলৈ যাব। ইয়াৰ পিছতে হত্যাকাণ্ড কাৰ্যকৰী কৰিব। কিন্তু সিদ্ধু মুছেৱালাৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সেই পৰিকল্পনা বাতিল কৰা হয়৷

ইফালে অংকিত শিৰছাক গ্ৰেপ্তাৰ কৰাৰ পিছতে গায়ক সিদ্ধুৰ হত্যাকাৰীসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ স্ফূৰ্তি কৰা এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে। এখন গাড়ীত থকা পাঁচজন অপৰাধীয়ে হাঁহি থকাৰ লগতে পাঞ্জাৱী সংগীত বজাই কেমেৰাৰ ফালে তেওঁলোকৰ বন্দুকবোৰ প্ৰদৰ্শন কৰিছিল। এই হত্যাকাণ্ডটো উদযাপন কৰা দুটা ভিডিঅ' শ্বুটাৰৰ কনিষ্ঠতম অংকিত শিৰছাৰ ফোন স্কেন কৰাৰ পিছত ওলাই পৰিছিল। ভিডিঅ'বোৰ তেওঁৰ এতিয়া বিলোপ কৰা ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা হৈছিল।





দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, অংকিত শিৰছাই গায়কজনৰ আটাইতকৈ ওচৰলৈ গৈ তেওঁৰ ওপৰত ছটা গুলীচালনা কৰিছিল।
Published by:Gautam Barman
First published: