অসম আৰক্ষীৰ SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ মূল খলনায়ক প্ৰাক্তন ডিআইজি পি কে দত্ত নেপালত গ্ৰেপ্তাৰ। পশ্চিম বংগ আৰক্ষীৰ এটা দলে পি কে দত্তক গ্ৰেপ্তাৰ কৰে।
আজি নিশা পি কে দত্তক অসমলৈ অনাৰ সম্ভাৱনা। ভাৰত–নেপাল সীমান্তৰ কাকাৰভিটাত পি কে দত্তক গ্ৰেপ্তাৰ কৰাৰ কথা সূত্ৰত প্ৰকাশ।
অসমলৈ আত্মসমৰ্পণৰ কাৰণে আহি থকা অৱস্থাতে পি কে দত্তক আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে।
শিলিগুৰিৰ পানীটেংকীত তেওঁক বৰ্তমান ৰখাৰ কথা প্ৰকাশ।
উল্লেখ্য যে, প্ৰাক্তন আইপিএছ বিষয়াগৰাকী যোৱা ২০ছেপ্তেম্বৰৰ পৰা পলাতক হৈ আছিল। অসম চৰকাৰে ব্যাপক খেলি মেলিৰ কাৰণে ৫৯৭জন উপ পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষা বাতিল কৰাৰ দিনৰ পৰাই সন্ধানহীন মাষ্টাৰমাইণ্ড পি কে দত্ত।
পৰীক্ষাৰ প্ৰশ্নকাকত লিক হৈ ছচিয়েল মিডিয়াত ফাদিল হৈছিল। উল্লেখ্য যে, শনিবাৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন–শৃংখলা) জি পি সিঙে সংবাদমাধ্যমৰ সৈতে মত বিনিয়মৰ সময়ত উল্লেখ কৰিছিল যে প্ৰাক্তন আইপিএছ বিষয়াগৰাকী আৰু তেওঁৰ পুত্ৰ ঈশানে গাড়ীৰে নেপাললৈ পলায়ন কৰিব পাৰে।
তাৎপৰ্যপূৰ্ণ যে পি কে দত্তৰ জীয়ৰিয়ে এজন নেপালী নাগৰিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আৰু তেওঁলোক কাঠমাণ্ডুৰ বাসিন্দা।
FIRST PUBLISHED : October 06, 2020, 13:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।