বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীক প্ৰত্যাহ্বান জনোৱা অন্ধশ্ৰদ্ধা নিৰ্মুলন সমিতিৰ উপাধ্যক্ষ শ্যাম মানৱৰ সুৰক্ষা ব্যৱস্থা হঠাৎ বৃদ্ধি কৰা হৈছে। শ্যাম মানৱে পূৰ্বেও সুৰক্ষা ব্যৱস্থা লাভ কৰিছিল, কিন্তু এতিয়া অধিক বৃদ্ধি কৰা হৈছে। এই পদক্ষেপ তেওঁ প্ৰাণনাশৰ ভাবুকি লাভ কৰাৰ পিছত লোৱা হৈছে। পূৰ্বে শ্যাম মানৰ নিৰাপত্তাত মহাৰাষ্ট্ৰ স্পেচিয়েল প্ৰটেকচন ইউনিটৰ দুগৰাকী জোৱান নিয়োজিত আছিল। তেওঁলোকৰ ওচৰত অস্ত্ৰ–শস্ত্ৰ আছিল। কিন্তু এতিয়া তেওঁৰ সৈতে SPUৰ ২ জোৱানৰ উপৰি দুজন গানমেন আৰু ৩জন আৰক্ষীও থাকিব। অৰ্থাৎ এতিয়া তেওঁৰ নিৰাপত্তাত ৪গৰাকী বন্দুকধাৰী থাকিব।
শ্যাম মানৱ নাগপুৰৰ চৰকাৰী আৱাস ৰবি ভৱনত বিগত কেইবাদিনো ধৰি আছে। এয়াৰ পৰাই তেওঁ বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীৰ ওপৰত অভিযোগ–প্ৰতিঅভিযোগ লগাই তেওঁক প্ৰত্যাহ্বান জনাই আহিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ সুৰেশ ভাট সভাগৃহত হোৱা শ্যাম মানৰ কাৰ্যসূচীত একাংশ লোকে হুলস্থূল কৰিছিল।
অন্ধশ্ৰদ্ধা নিৰ্মুলন সমিতিৰ শ্যাম মানৱে ধীৰেন্দ্ৰ শাস্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল যে যদি তেওঁ তেওঁৰ মাজত দিব্য দৰবাৰ লগায় আৰু চমৎকাৰ কৰি দেখুৱাই তেন্তে তেওঁ ৩০ লাখ টকা দিব। সমিতিয়ে কয় যে ধীৰেন্দ্ৰ শাস্ত্ৰী ‘দিব্য দৰবাৰ’ নামেৰে যি সভা কৰে, তাত দুটা আইন উলংঘা হয়। প্ৰথম ২০১৩ৰ মহাৰাষ্ট্ৰৰ ডাইনী বিৰোধী আইন আৰু দ্বিতীয় ১৯৫৪ৰ ড্ৰাগছ এণ্ড ৰেমেডিজ এক্ট।
শ্যাম মানৱে কয়, ‘‘মই কেতিয়াও ধৰ্ম বা ভগৱানৰ বিৰুদ্ধে কোনো কথা কোৱা নাই। মই ধীৰেন্দ্ৰ শাস্ত্ৰী মহাৰাজৰ বিৰুদ্ধেও কোনো অপশব্দ কোৱা নাই। মই কেৱল তেওঁলোকৰ বিৰুদ্ধে, যিয়ে ধৰ্মৰ নামত মানুহক প্ৰৱঞ্চনা কৰে। মই সেই অন্ধবিশ্বাসৰ বিষয়ে কওঁ, যি ধৰ্মৰ নামত বিয়পোৱা হৈছে।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|