মুখ্যপৃষ্ঠা »খবৰ »দেশ »এখন ভৰি আৰু দুয়োখন হাত নাই, কিন্তু দিলে পৰীক্ষা আৰু যেতিয়া ফলাফল ওলাল...

এখন ভৰি আৰু দুয়োখন হাত নাই, কিন্তু দিলে পৰীক্ষা আৰু যেতিয়া ফলাফল ওলাল...

ফটো ক্ৰেডিট অমৰ জ্যোতি স্কুল

ফটো ক্ৰেডিট অমৰ জ্যোতি স্কুল

শুভম উচ্চক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল। এবছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত জীৱন ঘূৰাই পালে যদিও এই দুৰ্ঘটনাত শুভমৰ দুয়োখন হাত আৰু এখন ভৰি হেৰুৱালে। যিখন ভৰি বাচি আছিল সেইখনটো সংক্ৰমণ বিয়পে।

  • Share this:
১১ বছৰ পূৰ্বে ঘৰৰ চাদত বল খেলি থাকোতে শুভম উচ্চক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল। এবছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত জীৱন ঘূৰাই পালে যদিও এই দুৰ্ঘটনাত শুভমৰ দুয়োখন হাত আৰু এখন ভৰি হেৰুৱালে। যিখন ভৰি বাচি আছিল সেইখনটো সংক্ৰমণ বিয়পে। শুভমক ৩ মাহ ICU ৰখাৰ লগতে সম্পূৰ্ণ এবছৰ চফদৰজং হাস্পতালত ভৰ্তি থাকিবলগীয়া হ’ল।

এই ঘটনাৰ পিছতে পিতৃ–মাতৃৰ ওপৰত সৰগ ভাগি পৰিছিল যদিও সুখী আছিল এটা কাৰণত যে পুত্ৰই জীৱন ঘূৰাই পালে। ব্যক্তিগত কোম্পানীত কৰ্মৰত পিতৃয়ে প্ৰথমে শুভমক এখন ভৰিৰে আহাৰ খোৱা আৰু অন্য কাম কৰিবলৈ শিকালে। তাৰ পিছত সেইখন ভৰিৰে পঢ়া–লিখা কৰিবলৈও শিকালে।

শুভমে যেতিয়া কম পৰিমানে হ’লেও পঢ়া–লিখা আৰম্ভ কৰিলে তেতিয়া পিতৃয়ে সি স্কুল যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। যদিও স্কুললৈ যাবলৈ বহুকেইটা সমস্যাৰ সন্মুখীন হ’লহেতেন কিন্তু পিতৃ আৰু মাতৃৰ উৎসাহে শুভমে এই সমস্যাৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হৈছিল।

দশম শ্ৰেণীত ৭৯ শতাংশ নম্বৰ
পিতৃ আনন্দ সিঙে ক’লে যে পঞ্চম শ্ৰেণীলৈ শুভম প্ৰতিটো শ্ৰেণীত দ্বিতীয় স্থান পাইছিল। কিন্তু ষষ্ঠ শ্ৰেণী পোৱাৰ লগে লগে শুভমে প্ৰথম স্থান পাব আৰম্ভ কৰিলে। যেতিয়া দশম শ্ৰেণীত পৰীক্ষাত বহিবলৈ ওলালে তেতিয়া তেওঁ আৰু বেছি সময় ধৰি পঢিবলৈ আৰম্ভ কৰিলে। মঙলবাৰে যেতিয়া ফলাফল ওলাল শুভমৰ ৭৯ শতাংশ নম্বৰ দেখি আমি সকলো আচৰিত হ’লো। শুভমে কড়কড়ডুমাস্থিত অমৰ জ্যোতি স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে শুভমে দিব্যাংগ শাৰীৰ পৰা পৰীক্ষা দিয়াৰ বিপৰীতে সাধাৰণ শিক্ষাৰ্থীৰ দৰেই দিলে পৰীক্ষা।

ইণ্ডোনেছিয়াত অনুষ্ঠিত IT প্ৰতিযোগিতা বিজয়ী শুভম
শুভমৰ পিতৃয়ে ক’লে ২০১৫ত ইণ্ডোনেছিয়াত দিব্যাংগৰ IT প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। শুভমেও এই প্ৰতিযোগিতাত অংশ ল’বলৈ ইণ্ডোনেছিয়ালৈ গৈছিল। আৰু তাত তেওঁ এই প্ৰতিযোগিতাত জয়ী হৈছিল। শুভমে এখন ভৰিৰেই লেপটপত কাম কৰে আৰু IT ছেক্টৰত নিজৰ নাম জিলিকাব বিচাৰে। ইয়াৰোপৰি শুভমে বহুকেইটা কুইজ প্ৰতিযোগিতাৰ বিজয়ী খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়া বাতৰি