দেশ জোকাৰি যোৱা শ্ৰদ্ধা ৱালকাৰৰ ভয়ংকৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত আফটাব আমিন পুনাৱাল্লা বৰ্তমান দিল্লীৰ তিহাৰ জেলত কাৰাৰুদ্ধ হৈ আছে আৰু জেলত থকা সময়ছোৱাত আফটাবে নিজক ব্যস্ত ৰাখিবলৈ দবা খেলৰ আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে।
জেল কৰ্তৃপক্ষৰ উদ্ধৃতিৰে বাতৰি সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি আফটাবে দবা খেলি সময় অতিবাহিত কৰিছে বুলি জানিব পৰা গৈছে, প্ৰায়ে অকলে কাৰাগাৰত থাকে আৰু মাজে মাজে দুজন সতীৰ্থ কয়দীৰ সৈতে সময় পাৰ কৰে।
এএনআইৰ সূত্ৰ অনুসৰি ২৮ বছৰীয়া আফটাবে নিজৰ জেলৰ কোঠাটো আৰু দুজন কয়দীৰ সৈতে ভাগ কৰে আৰু তেওঁলোকে কোঠাটোত উপলব্ধ দবা বৰ্ড ব্যৱহাৰ কৰি সঘনাই দবা খেলে।
বাতৰি অনুসৰি আফটাবক প্ৰায়ে আন দুজন কয়দীৰ দবা খেল তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা দেখা যায় আৰু যেতিয়াই সুযোগ পায় তেতিয়াই তেওঁ বগা আৰু ক’লা দুয়োটা পক্ষতে খেলে।
সূত্ৰই জনোৱা মতে, আফটাবে একক খেলুৱৈ হিচাপে খেলে আৰু দুয়োপক্ষৰ কৌশল আৰু খেলা নিজেই খেলে বুলি জানিব পৰা গৈছে। সূত্ৰই এএনআইক জনোৱা মতে, “আফটাব দবাৰ প্ৰতি আকৰ্ষিত আৰু তেওঁ বিভিন্ন কৌশল প্ৰস্তুত কৰে আৰু দুয়ো পক্ষৰ পৰা ব’ৰ্ড খেলে,” লগতে কয় যে তেওঁ এজন “ভাল খেলুৱৈ, এই চেকমেটৰ খেলত”।
আফটাবে নিজৰ কোঠাটো দুজন আণ্ডাৰট্ৰাইলৰ সৈতে ভাগ কৰে যি দুয়োজনৰে বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন হৈছে। বাতৰি অনুসৰি অভিযুক্ত আফটাবে নিজৰ কোঠাৰ সতীৰ্থৰ সৈতে বিশেষ কথা-বতৰা নকৰি কেৱল ঘণ্টাৰ পিছত ঘণ্টা জেলত অকলে দবা খেলি থাকে।
জেলৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আফটাবে নিজৰ বিৰুদ্ধে নিজৰ পদক্ষেপ নিজাববীয়াকৈ পৰিকল্পনা কৰিছে আৰু সেই কথাৰ ওপৰত দিল্লী আৰক্ষীয়ে আৰম্ভণিৰে পৰাই সন্দেহ কৰি আহিছে। “আফটাব বৰ ধূৰ্ত। তেওঁৰ প্ৰতিটো পদক্ষেপ যেন এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ আৰু যেন তেওঁ দুয়ো পক্ষৰ পৰা অকলে খেলি আছে..." বুলি সূত্ৰই এএনআইক জনায়।
তদন্তৰ সময়ত দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই আফটাবৰ হিচাপ-নিকাচ কৰা পদক্ষেপৰ টোকা লোৱা বুলি জানিব পৰা গৈছে, “কেতিয়াবা এনে লাগে যে তদন্তকাৰী বিষয়াজন আমি নহয় অভিযুক্ত আফটাব, যাৰ নিৰ্দেশত দিল্লী আৰক্ষী বিভাগে নিদিষ্ট ঠাইলৈ গৈ আছে , আৰু তেওঁৰ ইতিমধ্যে কথিত কাহিনীটোত আৰক্ষীয়ে যিদৰে জড়িত হৈ পৰিছে, তাৰ পৰাই স্পষ্ট হৈ পৰিছে।" বুলি এএনআইয়ে জানিব দিছে।
খবৰ অনুসৰি, বিশেষকৈ দিল্লীৰ ৰোহিনীৰ ফৰেনছিক চাইন্স লেবৰেটৰী (এফ এছ এল)ৰ বাহিৰত শ্ৰদ্ধাৰ কথিত হত্যাকাৰীক লৈ যোৱা জেল ভ্যানত আক্ৰমণৰ পিছত জেল কৰ্তৃপক্ষই আফটাব পুনাৱাল্লাৰ জেল কোৱাৰ্টাৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰিছে, আৰু তেওঁৰ বেৰেকৰ বাহিৰত অতিৰিক্ত প্ৰহৰী নিয়োগ কৰিছে।
২৮ বছৰীয়া আফটাবৰ বিৰুদ্ধে শ্ৰদ্ধা ৱালকাৰক হত্যা কৰি মৃতদেহ অংগচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে, কাটি লোৱা শৰীৰৰ অংগবোৰ নিষ্কাশনৰ পূৰ্বে ফ্ৰীজত ষ্ট্ৰ’ৰিং কৰি বৰ্তমান হত্যাকাণ্ডৰ টুকুৰাবোৰ একেলগে দিল্লী আৰক্ষীৰ জিম্মাত আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|