Credits: Twitter/ Asaduddin Owaisi Firing on Asaduddin Owaisi’s Car: আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত আক্ৰমণত জড়িত দুজন লোকক চিনাক্ত কৰিছে। গ্ৰেপ্তাৰ কৰা এজনক গাজিয়াবাদৰ বাদলপুৰৰ বাসিন্দা শচীন গুৰ্জাৰ বুলি চিনাক্ত কৰা হৈছে। আনজন অভিযুক্ত শুভম বুলি চিনাক্ত কৰা হৈছে। লোকসভাৰ সাংসদ তথা AIMIMৰ মূৰব্বী আছাদুদ্দিন ওৱেইচিৰ বাহনত আজি দুৰ্বৃত্তই গুলীচালনা কৰিছিল যেতিয়া সাংসদজন উত্তৰ প্ৰদেশৰ পৰা উভতি আহি আছিল। ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া ওৱেইচি মীৰাটৰ কিথাউৰৰ পৰা দিল্লীলৈ গৈ আছিল। সাংসদজনে টুইট কৰি কয় যে তেওঁৰ বাহনখন লক্ষ্য কৰি চাৰি ৰাউণ্ড গুলী চালনা কৰা হৈছিল, যাৰ ফলত টায়াৰবোৰ পাংচাৰ হৈছিল। তাৰ পিছত তেওঁ আন এখন বাহনত যাত্ৰা অব্যাহত ৰাখিব লগা হৈছিল।
হায়দৰাবাদৰ লোকসভাৰ সাংসদগৰাকীয়ে কয়, "আমি সকলো সুৰক্ষিত"। ওৱেইচিয়ে বাহনখনৰ এখন ফটোও টুইট কৰিছিল য'ত দুটা বুলেটৰ চিহ্ন আছিল।
পিছত ঘটনাসন্দৰ্ভত বক্তব্য ৰাখি ADG, (law and order) প্ৰশান্ত কুমাৰে কয় যে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত আক্ৰমণত জড়িত দুজন লোকক চিনাক্ত কৰিছে। গ্ৰেপ্তাৰ কৰা এজনক গাজিয়াবাদৰ বাদলপুৰৰ বাসিন্দা শচীন গুৰ্জাৰ বুলি চিনাক্ত কৰা হৈছে। আনজন অভিযুক্ত শুভম বুলি চিনাক্ত কৰা হৈছে।
এডিজিয়ে কৈছে যে অভিযুক্তই আক্ৰমণৰ বাবে এটা ৯ এমএম পিষ্টল ব্যৱহাৰ কৰিছিল। তেওঁ এইটোও কৈছিল যে আক্ৰমণৰ আঁৰৰ কাৰণ এতিয়াও অজ্ঞাত আৰু বিষয়টো তদন্ত কৰা হৈছে। মেৰুটৰ IGয়ে তদন্তৰ নেতৃত্ব দি আছে।
Published by: Kokil Sarma
First published: February 03, 2022, 22:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|