মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ৰে’লৰ সম্পত্তি ধ্বংস কৰাসকলক দেখা মাত্ৰেই গুলী কৰকঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী

ৰে’লৰ সম্পত্তি ধ্বংস কৰাসকলক দেখা মাত্ৰেই গুলী কৰকঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী

News18 Assam | News18-Assam
Updated:December 18, 2019, 2:39 PM IST
ৰে’লৰ সম্পত্তি ধ্বংস কৰাসকলক দেখা মাত্ৰেই গুলী কৰকঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে ঠায়ে ঠায়ে ধ্বংসাত্মক কাৰ্যত জৰিতসকলে ৰে’লৱেৰ সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰে। এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হৈছে বুলি প্ৰশ্ন কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। শেহতীয়াকৈ পশ্চিম বংগত ‘কা’ প্ৰতিবাদকাৰীসকলে ৰে’লৱে ট্ৰেকৰ বৃহৎ ক্ষতিসাধন কৰাৰ লগতে একাংশ ৰে’লৱে ষ্টেশ্যন জ্বলাই দিছিল। 

  • Share this:
দেশজুৰি হৈ থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী সুৰেশ আংগাড়ীয়ে মঙলবাৰে কয় যে তেওঁ কৰ্তৃপক্ষক ৰে’লৱেৰ সম্পত্তি ধ্বংস কৰা সকলক দেখা মাত্ৰে গুলীওৱাৰ নিৰ্দেশ দিছে। কৰ্ণাটকৰ হুবলীত তেওঁ এই মন্তব্য কৰে।
যদিহে কোনোবাই ৰে’লৱেৰ সম্পত্তি ধ্বংস কৰে তেনেহ’লে মই সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম যাতে এনেকুৱা কঠোৰ পদক্ষেপ গ্ৰহণ কৰে যেনেকুৱা পদক্ষেপ চৰ্দাৰ বল্লভভাই পেটেলে হায়দৰাবাদক ভাৰতৰ সৈতে অন্তৰ্ভুক্ত কৰিবলৈ গ্ৰহণ কৰিছিল।

মন্ত্ৰীয়ে কয়।

সাংবাদিকসকলে মন্ত্ৰীক প্ৰশ্ন কৰিছিল যে ৰে’লৱেৰ সম্পত্তি ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ কি পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰসংগত উল্লেখ কৰে ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰসংগ। পেটেলে হায়দৰাবাদক ভাৰতৰ অন্তৰ্ভুক্ত কৰিবলৈ আৰক্ষীৰ সহায়ত নিজাম আৰু বাহিনীক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল।
Published by: Tulika Devi
First published: December 18, 2019, 2:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি