সাধ্বী প্ৰজ্ঞা ঠাকুৰক সমৰ্থনৰ বাবে বিজেপি নেতালৈ চিকিৎসকৰ জোতা

সাধ্বী প্ৰজ্ঞা ঠাকুৰ বিজেপিৰ প্ৰাৰ্থী হ’লে সমস্য়া ক’ত? মালেগাঁও আক্ৰমণৰ পৰা এতিয়ালৈকে যোৱা দহ বছৰত কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত হিন্দু সমাজক ভোটৰ লালসাত অপমান কৰি আহিছে–এইখিনি কোৱাৰ বাবেই চিকিৎসকৰ খং

news18assam
Updated:April 18, 2019, 3:07 PM IST
সাধ্বী প্ৰজ্ঞা ঠাকুৰক সমৰ্থনৰ বাবে বিজেপি নেতালৈ চিকিৎসকৰ জোতা
হতভম্ব বিজেপি নেতা!
news18assam
Updated: April 18, 2019, 3:07 PM IST
ভোটযুদ্ধ চলি থকাৰ সময়তে বিজেপিৰ এগৰাকী নেতা চৰম অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হৈছে।দিল্লীৰ নিজৰ দলৰ মুখ্য কাৰ্যালয়তে সাংসদ  জিভিএল এন ৰাও আৰু জিতেন্দ্ৰ তোমৰলৈ লক্ষ্য কৰি জোতা নিক্ষেপ কৰে এজন ব্যক্তিয়ে। সংবাদগোষ্ঠী ANI–এ আপলড কৰিছে ভিডিঅ’। ইতিমধ্য়ে দিল্লী আৰক্ষীয়ে জিম্মাত লৈছে আক্ৰমণকাৰীজনক। আক্ৰমণকাৰীজন এজন শৈল্য় চিকিৎসক। ধৃত চিকিৎসকজনৰ নাম ডাঃ শক্তি ভাৰ্গৱ। সাধ্বী প্ৰজ্ঞা ঠাকুৰক সমৰ্থন কৰি কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীক তুলাধুনা দি আছিল ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে। ভূপালৰ পৰা কংগ্ৰেছৰ দিগ্বিজয় সিঙৰ বিৰুদ্ধে মালেগাঁও বোমাকাণ্ডৰ অভিযুক্তগৰাকীক বিজেপিয়ে টিকট দিয়াৰ প্ৰসংগত বিৰোধীৰ সমালোচনাৰ উত্তৰ দি থকা অৱস্থাতে চিকিত্‍সকজনে এই আচম্বিত কাৰ্য কৰে।

আক্ৰমণকাৰীৰ পৰিচয় পত্ৰ


আৰু চাওক পৰৱৰ্তী বাতৰি