প্ৰেমৰ সম্পৰ্কৰে প্ৰিয়জনক বিয়া কৰোৱাই হ'ল অপৰাধ!
প্ৰেমৰ সম্পৰ্কৰে প্ৰিয়জনক বিয়া কৰোৱাই হ'ল অপৰাধ!
প্ৰেমৰ সম্পৰ্কৰে প্ৰিয়জনক বিয়া কৰোৱাই হ'ল অপৰাধ। মাতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰ আৰু বোৱাৰীৰৰ। নিজৰ পুত্ৰ আৰু বোৱাৰীক হত্যা কৰাৰ অপৰাধত ভেলেণ্টাইন দ্যেৰ দিনাই গ্ৰেপ্তাৰ হ'ল মাতৃসহ পাঁচজন।
পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা। হুগলিৰ বাসিন্দা অৰ্জুন আৰু প্ৰতিবেশী ৰাখীৰ মাজত দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু তেওঁলোকৰ পৰিয়ালে মানি লোৱা নাছিল তেওঁলোকৰ সম্পৰ্ক। কিছুদিন পূৰ্বে দশম শ্ৰেণীৰ ছাত্ৰী ৰাখীক পৰিয়ালৰ তৰফৰ পৰা অন্য যুৱকৰ সৈতে বিয়া দিয়াৰ চেষ্টা কৰিছিল। কিন্তু সেইসময়তে অৰ্জুনে ৰাখিক মনে মনে বিয়া কৰোৱাৰ সিদ্ধান্ত লয়। সেই অনুসৰি, ২৬ জানুৱাৰীত দুয়ো পলাই যায় আৰু অৰ্জুনৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লয়।
খবৰ লাভ কৰি অৰ্জুনৰ মাতৃয়ে দুয়োকে ঘৰলৈ লৈ যাবলৈ আত্মীয়জনৰ ঘৰলৈ আহে। আৰু দুয়োকে ঘৰলৈ লৈ যাবলৈ চেষ্টা কৰে। কাৰণ ৰাখী নাবালিকা হোৱাৰ বাবে তাইৰ পৰিয়ালে অৰ্জুনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছিল। অৰ্জুনৰ মাতৃয়ে দুয়োকে আশ্বাস দিছিল যে, এতিয়া দুয়ো ঘৰলৈ উভতি যাব লাগে আৰু পিছত দুয়োকে সামাজিক ভাবে বিয়া কৰাই দিয়া হ'ব।
কিন্তু মাতৃৰ সেই প্ৰস্তাব মানি নল'লে অৰ্জুন আৰু ৰাখীয়ে। আৰু পৰিণতিত আত্মীয় লোকৰ সৈতে পৰিকল্পনা কৰি অৰ্জুন আৰু ৰাখীক হত্যা কৰে মাতৃয়ে। পিছত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। ইফালে মাতৃয়ে পুত্ৰ আৰু বোৱাৰীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে আৰক্ষীৰ আগত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|