• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Narendra Modi on Shinzo Abe: শ্বিনজ’ আবেৰ মৃত্যুত শোক প্ৰকাশ নৰেন্দ্ৰ মোদীৰ, ক’লে – ‘নিজৰ জীৱন দি গঢ়ি তুলিছিল জাপান’

PM Narendra Modi on Shinzo Abe: শ্বিনজ’ আবেৰ মৃত্যুত শোক প্ৰকাশ নৰেন্দ্ৰ মোদীৰ, ক’লে – ‘নিজৰ জীৱন দি গঢ়ি তুলিছিল জাপান’

‘বন্ধু’ শ্বিনজো আবেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘বন্ধু’ শ্বিনজো আবেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘বন্ধু’ শ্বিনজো আবেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

  • Share this:
শুকুৰবাৰে পুৱাই এই খবৰটোৱে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ গুলীচালনা। তাৰ পিছতে বিশ্বজুৰি চাঞ্চল্য। লগে লগে আবেক ভৰ্তি কৰোৱা হয় হাস্পতালত। কিন্তু শেষ ৰক্ষা নহ’ল। হাস্পতালত মৃত্যুৰ সৈতে হাৰ মানিলে শ্বিনজ’ আবেই।

‘বন্ধু’ শ্বিনজো আবেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে টুইটাৰত লিখিছে, ‘মোৰ প্ৰিয় বন্ধু শ্বিনজো আবেৰ মৰ্মান্তিক মৃত্যুত মই স্তম্ভিত আৰু মৰ্মাহত হৈছো। এজন সাৰ্বজনীন ৰাষ্ট্ৰনেতা, এজন অসাধাৰণ নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক। তেওঁ নিজৰ জীৱনেৰে জাপান গঢ়ি তুলিছিল আৰু পৃথিৱীখন উন্নত কৰিছিল।’

শ্বিনজো আবে গুলীবিদ্ধ হোৱাৰ পিছতো মোদীয়ে টুইটাৰযোগে দুখ প্ৰকাশ কৰিছিল। লিখিছিল, ‘মোৰ প্ৰিয় বন্ধুৰ ওপৰত হোৱা আক্ৰমণত মই অতিশয় দুখ পাইছো। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিছো। মই জাপানৰ জনসাধাৰণৰ লগত আছো।'

কিন্তু কিছু সময় পিছতে আহিল বেয়া খবৰটো। এনেকুৱা খবৰ আহিব বুলি হয়তো ভৱা নাছিল মোদীয়েও। কিন্তু আশংকা কৰাটোৱেই সত্য হ’ল। উল্লেখযোগ্য যে ২০২১ চনত শ্বিনজো আবেক ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰে। কোৱা হয় যে শ্বিনজো আবেৰ দিনত ভাৰত-জাপানৰ সম্পৰ্ক নতুন উচ্চতাত উপনীত হৈছিল। ইয়াৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মান প্ৰদান কৰা হয়।
Published by:Sanjay Kumar Das
First published: