বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত কিছুসময় পূৰ্বে ঘোষণা হ'ল হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। সুখৱিন্দৰ সিং সুখু হ'ব হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী। ইতিমধ্যে কংগ্ৰেছ হাইকমাণ্ডে তেওঁৰ নামত ছীল-মোহৰ লগাইছে।
গুলবৰ্গাত হিমাচল প্ৰদেশৰ প্ৰভাৰী ৰাজীৱ শুক্লা আৰু অবজাৰ্ভাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ পিছত খৰ্গে গান্ধী পৰিয়ালৰ লগত কথা পাতি সুখুৰ নাম অনুমোদন জনায়। তাৰপিছত সন্ধিয়া আন দলৰ নেতাৰ সৈতে আলোচনা কৰি সুখুৰ নাম ঘোষণা কৰা হয়। লগতে হিমাচলৰ উপ-মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচন কৰিছে মুকেশ অগ্নিহোত্ৰীক।
দলটোৱে কয় যে হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় বীৰভদ্ৰ সিঙৰ পুত্ৰ আদিত্য সিঙক ডাঙৰ দায়িত্ব দিয়া হ’ব।
সুখৱিন্দৰ সিঙৰ নাম ঘোষণা হোৱাৰ লগে লগে সুখৱিন্দৰ সিং সুখুৱে ক’লে যে, "মই আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে এটা দলৰ দৰে কাম কৰিম। ১৭ বছৰ বয়সৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলো। কংগ্ৰেছে মোৰ বাবে যিখিনি কৰিছে মই কেতিয়াও পাহৰিব নোৱাৰো।"
Published by: Subham Goswami
FIRST PUBLISHED : December 10, 2022, 19:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।