মুখ্যপৃষ্ঠা »খবৰ »দেশ »হিমাচল প্ৰদেশত বৰষুণে মাতি আনিছে বিভীষিকা, ৩ শিশুসহ ৮জনৰ মৃত্যু, ১২জন সন্ধানহীন

হিমাচল প্ৰদেশত বৰষুণে মাতি আনিছে বিভীষিকা, ৩ শিশুসহ ৮জনৰ মৃত্যু, ১২জন সন্ধানহীন

কাংগৰাত ইংৰাজৰ সময়ত নিৰ্মিত ৰে’লৱে দলং ভাঙি যোৱাৰ উপৰি মণ্ডী জিলাৰ গোহৰত ভূমিস্খলনৰ ফলত এটা ঘৰ বিধ্বস্ত হোৱাৰ লগতে ঘৰটোত শুই থকা পৰিয়ালটোৰ ৭জন সদস্য আবদ্ধ হৈ পৰে।

  • Share this:
হিমাচল প্ৰদেশত বৰষুণে নমাই আনিছে বিভীষিকা। কাংগৰাত ইংৰাজৰ সময়ত নিৰ্মিত ৰে’লৱে দলং ভাঙি যোৱাৰ উপৰি মণ্ডী জিলাৰ গোহৰত ভূমিস্খলনৰ ফলত এটা ঘৰ বিধ্বস্ত হোৱাৰ লগতে ঘৰটোত শুই থকা পৰিয়ালটোৰ ৭জন সদস্য আবদ্ধ হৈ পৰে। এতিয়ালৈ তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মূষলধাৰ বৰষুণৰ বাবে মণ্ডী আৰু কুল্লু জিলাত বিদ্যালয় আৰু আন শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।

চম্বা জিলাত প্ৰচণ্ড বৰষুণৰ বাবে ঘৰৰ দেৱাল ভাঙি আৱৰ্জনা সোমাই পৰাৰ ফলত তিনিজন লোক সন্ধানহীন হৈছিল। গাঁওবাসী আৰু প্ৰশাসনৰ দলে সন্ধানহীন স্বামী, স্ত্ৰী আৰু সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে।

মণ্ডী জিলাত সৰ্বাধিক ক্ষতি হৈছে এই বৰষুণৰ ফলত। কটৌলাত এজন ১০ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। আৱৰ্জনাৰে ভৰি পৰিছে কটৌলা বজাৰ। মণ্ডীৰ কটৌল, গোহৰসহ কেইবাটাও অঞ্চলত মুঠ ১৫জন লোক ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ পৰিছে। গোহৰত এটা পৰিয়ালৰ ঘৰৰ ওপৰত ভূমিস্খলন হোৱাৰ ফলত ৭জন লোক সন্ধানহীন হৈছে। দুপৰীয়ালৈ তিনিজনৰ মৃতদেহ উদ্ধাৰ হৈছে। হিমাচলৰ পাঠানকোটৰ পৰা কাংগৰা–যোগেন্দ্ৰনগৰ সংযোগী একমাত্ৰ ৰে’লে দলংখন ক্ষতিগ্ৰস্ত হয়। ইফালে, কাংগৰাত শ্বাহপুৰৰ গোৰডা পঞ্চায়তত প্ৰবল বৰষুণৰ ফলত এটা কেঁচা ঘৰ খহি পৰাৰ ফলত ৯ বছৰীয়া এটি শিশুৰ মৃত্যু হয়।

শেহতীয়া বাতৰি