মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দ্বিতীয়বাৰ মাক হোৱাৰ পিছত শিল্পা ছেট্টীয়ে ক’লে, এইকাৰণে লোৱা হৈছিল ‘Surrogacy’ৰ সহায়

দ্বিতীয়বাৰ মাক হোৱাৰ পিছত শিল্পা ছেট্টীয়ে ক’লে, এইকাৰণে লোৱা হৈছিল ‘Surrogacy’ৰ সহায়

News18 Assam | News18-Assam
Updated:February 23, 2020, 1:00 PM IST
দ্বিতীয়বাৰ মাক হোৱাৰ পিছত শিল্পা ছেট্টীয়ে ক’লে, এইকাৰণে লোৱা হৈছিল ‘Surrogacy’ৰ সহায়
Source-Google

২০০৯ চনত ৰাজ কুণ্ডাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ২০১২চনত শিল্পাই জন্ম দিছিল এটি কন্যা সন্তান

  • Share this:
বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীয়ে দুদিন পূৰ্বে ছচিয়েল মিডিয়াৰ যোগে দিছিল দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ খবৰ। ৪৪ বছৰ বয়সত শিল্পী ছেট্টীয়ে দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ গৌৰৱ অৰ্জন কৰে। ১৫ ফেব্ৰুৱাৰীৰ দিনা ‘Surrogacy’ পদ্ধতিৰে শিল্পাৰ ঘৰলৈ আহিল নতুন আলহী।

‘Surrogacy’ পদ্ধতিৰে কন্যা সন্তান জন্মদিয়াৰ পিছত শিল্পা ছেট্টী এতিয়া সুখী। শিল্পাই কয় যে, ‘আমি বহুদিনৰ পৰাই এই পৰিকল্পনা কৰি আছিলো। প্ৰায় পাঁচ বছৰ ধৰি এই পদ্ধতিৰ সহায়ত সন্তান জন্ম দিয়াৰ কথা ভাবি আছিলো। এতিয়া মোৰ এই আশা পূৰ্ণ হ’ল।’
Published by: Himangshu Bhuyan
First published: February 23, 2020, 1:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি