உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 'স্বামীয়ে ৩ গৰাকী পত্নীক ঘৰলৈ অনাটো নিবিচাৰে ঘৈণীয়েকে', কিয় ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    'স্বামীয়ে ৩ গৰাকী পত্নীক ঘৰলৈ অনাটো নিবিচাৰে ঘৈণীয়েকে', কিয় ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    ২০২১ চনৰ নৱেম্বৰত, এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) কৈছিল যে UCC বাধ্যতামূলক।

    ২০২১ চনৰ নৱেম্বৰত, এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) কৈছিল যে UCC বাধ্যতামূলক।

    ২০২১ চনৰ নৱেম্বৰত, এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) কৈছিল যে UCC বাধ্যতামূলক।

    • Share this:
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দেওবাৰে ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code)ৰ প্ৰয়োজনীয়তাৰ বাবে হোৱা বিতৰ্কত ইন্ধন যোগাই ইয়াক 'প্ৰতিগৰাকী মুছলমান মহিলা (Muslim woman)ৰ বাবে এটা সমস্যা বুলি অভিহিত কৰে, যিয়ে তেওঁৰ স্বামীয়ে আন তিনিগৰাকী পত্নীক ঘৰলৈ অনাটো নিবিচাৰে'।

    "সকলোৱে ইউচিচি (UCC) বিচাৰে। কোনো মুছলমান মহিলাই নিবিচাৰে যে তেওঁৰ স্বামীয়ে আন ৩ গৰাকী পত্নীক ঘৰলৈ আনিব। যিকোনো মুছলমান মহিলাক সোধক। UCC মোৰ সমস্যা নহয়, ই সকলো মুছলমান মহিলাৰ বাবে এটা সমস্যা। যদি তেওঁলোকক ন্যায় দিব লগা হয়, তিনি তালাক বাতিল কৰাৰ পিছত, UCC আনিবই লাগিব," হিমন্ত বিশ্ব শৰ্মাই কয়।

    বহুতো বিজেপি নেতাই তেওঁলোকৰ নিজ নিজ ৰাজ্যত UCCৰ দাবী পুনৰ উত্থাপন কৰিছে।

    ২০২১ চনৰ নৱেম্বৰত, এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) কৈছিল যে UCC বাধ্যতামূলক। ন্যায়াধীশ সুনীত কুমাৰৰ এজনীয়া বিচাৰপীঠে এই কথা কৈছিল। আন্তঃধৰ্মীয় দম্পতীৰ দ্বাৰা বিচৰা সুৰক্ষা সম্পৰ্কীয় ১৭খন আৱেদনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিছিল ।
    Published by:Manjumoni Borah
    First published: