• Home
  • »
  • News
  • »
  • nation
  • »
  • Shashi Tharoor: কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৩০ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব শশী থাৰুৰে

Shashi Tharoor: কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৩০ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব শশী থাৰুৰে

Congress president polls: কংগ্ৰেছ দলে জাৰি কৰা এক অধিসূচনা অনুসৰি ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।

Congress president polls: কংগ্ৰেছ দলে জাৰি কৰা এক অধিসূচনা অনুসৰি ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।

Congress president polls: কংগ্ৰেছ দলে জাৰি কৰা এক অধিসূচনা অনুসৰি ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।

  • Share this:
কংগ্ৰেছৰ সভাপতি নিৰ্বাচন (Congress President Election)ক লৈ দলটোত নিত্য নতুন নাটক চলি থকাৰ মাজতে মনোনয়ন দাখিল কৰিবলৈ সাজু হৈছে শশী থাৰুৰ (Shashi Tharoor)। ইয়াৰ মাজতে মঙলবাৰে দলৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসুদন মিষ্ট্ৰীয়ে কয় যে AICCৰ কোষাধ্যক্ষ পৱন কুমাৰ বানছালে (Pawan Kumar Bansal) মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে আৰু লগতে কয় যে সেয়া আন কাৰোবাৰ বাবে হ’ব পাৰে।

মধুসুদন মিষ্ট্ৰীয়ে লগতে কয় যে থাৰুৰৰ এজন প্ৰতিনিধিয়ে তেওঁৰ কাৰ্যালয়ত অৱগত কৰিছে যে তেওঁ ৩০ ছেপ্টেম্বৰত পুৱা ১১ বজাত সভাপতি পদৰ বাবে মনোনয়ন (nomination) দাখিল কৰিব।

মিষ্ট্ৰীয়ে কয় যে মঙলবাৰে দলৰ মুৰব্বী ছোনিয়া গান্ধী (Sonia Gandhi)ক তেওঁৰ ১০ জনপথৰ বাসগৃহত সাক্ষাৎ কৰি তেওঁৰ ভোটাৰৰ পৰিচয় পত্ৰ প্ৰদান কৰে। তেওঁ লগতে মনোনয়ন প্ৰ-পত্ৰ কিমানজনে সংগ্ৰহ কৰিছে, সেই বিষয়ে এতিয়ালৈকে চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে আৰু প্ৰতিনিধিসকলৰ বিষয়েও ছোনিয়া গান্ধীক অৱগত কৰে।

মিষ্ট্ৰীয়ে কয় যে সোমবাৰে বানছালে তেওঁৰ কাৰ্যালয়ৰ পৰা মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰিছিল আৰু সেয়া হয়তো কাৰোবাৰ “সমৰ্থক হিচাপে” হ’ব পাৰে। মিষ্ট্ৰীয়ে কয় যে বানছালে কাৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছিল সেই কথা তেওঁ নাজানে কাৰণ যিকোনো প্ৰতিনিধিয়ে নিজৰ বাবেই হওক বা আনৰ বাবেও প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে।

দলটোৱে জাৰি কৰা এক অধিসূচনা অনুসৰি ২৪ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।

মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ তাৰিখ ১ অক্টোবৰ। আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৮ অক্টোবৰ। ৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

প্ৰয়োজন হ’লে ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১৯ অক্টোবৰত ভোট গণনা কৰা হ’ব আৰু সেইদিনা ফলাফল ঘোষণা কৰা হ’ব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি