ভাৰতৰ প্ৰথমতো ৰাজনৈতিক ধাৰাৰ পৃষ্ঠপোষক ভাৰতৰ জাতীয় কংগ্ৰেছে ২২বছৰৰ পিছত অনুষ্ঠিত কৰিবলৈ ওলাইছে দলটোৰ মূৰব্বীৰ পদৰ নিৰ্বাচন । অহা অক্টোবৰৰ ১৭তাৰিখে অনুষ্ঠিত হ’ব নিৰ্বাচন । মূলতঃ ৰাহুল গান্ধীয়ে সভাপতিৰ পদ ত্যাগ কৰাৰ পিছত দলটোত অধ্যক্ষ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে । উল্লেখযোগ্য যে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে দলটোৰ জ্যেষ্ঠ নেতা তথা বিশিষ্ট লেখক শশী থাৰুৰে। কেৰালাৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকত এটা প্ৰবন্ধ প্ৰকাশ কৰি থৰোৰে এই ইংগিত প্ৰদান কৰিছে। প্ৰবন্ধটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে দলটোৰ উদ্ধাৰৰ কাৰণে বহু কেইজন প্ৰাৰ্থী আগবাঢ়ি আহিব লাগে।
তেওঁ লগতে কয় যে গণতান্ত্ৰিক ব্যৱস্থাত কোনো দলে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগে য’ত কেৱল এটা পৰিয়ালে দলটোক নেতৃত্বত দিয়াৰ অৱকাশ অনন্ত কাললৈ থাকে । এই মন্তব্যৰে থৰোৰে গান্ধী পৰিয়ালে দলৰ অনন্ত কাললৈ নেতৃত্ব দিয়াৰ ধাৰণাক নস্যাৎ কৰিছে । তেওঁ দলটোৰ প্রতিটো পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো পোষকতা কৰে । থাৰুৰ থিৰুভনন্তপূৰমৰ পৰা কংগ্ৰেছৰ সাংসদ ।
উল্লেখযোগ্য যে থাৰুৰ G-23 গোটৰ অন্যতম সদস্য । এই গোটটোৱে দলটোত গান্ধী পৰিয়াল বাহিৰৰ এজন স্থায়ী অধ্যক্ষ নিৰ্বাচিত কৰাৰ দাবী উত্থাপন কৰি আহিছিল । জ্যেষ্ঠ নেতাৰ এই গোটটোৱে ৰাহুল গান্ধীৰ নেতৃত্ব ফলপ্ৰসূ নোহোৱাৰ কাৰণ দৰ্শাই ছোনিয়া গান্ধীক প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়াই আহিছিল ।
অন্তিমবাৰৰ বাবে কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচন হৈছিল ২০০০ চনৰ নৱেম্বৰত । এই নিৰ্বাচনত বিপুল ভোটত জয়ী হৈছিল ছোনিয়া গান্ধী। গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল জীতেন্দ্ৰ প্ৰসাদে ।
২০১৯নিৰ্বাচনৰ পূৰ্বে বিনা নিৰ্বাচনৰে ৰাহুল গান্ধী দলটোৰ মূৰব্বী হৈছিল। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছত গান্ধীয়ে পদত্যাগ কৰিছিল। তেতিয়াৰ পৰা ছোনিয়া গান্ধী অন্তৰৱৰ্তীকালিন সভানেত্ৰী হৈ আছে ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 30, 2022, 13:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।