ভিডিও ঠিকেই আছে, মোৰ সেই ভাষণটোক লৈ কোনো অনুতাপ নাইঃশ্বাৰ্জিল ইমাম

News18 Assam | News18-Assam
Updated:January 30, 2020, 1:08 PM IST
ভিডিও ঠিকেই আছে, মোৰ সেই ভাষণটোক লৈ কোনো অনুতাপ নাইঃশ্বাৰ্জিল ইমাম
গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীৰ আগত দেশদ্ৰোহৰ অভিযুক্ত শ্বাৰ্জিল ইমামে ক’লে ভাষণক লৈ মোৰ কোনো অনুতাপ নাই। 

গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীৰ আগত দেশদ্ৰোহৰ অভিযুক্ত শ্বাৰ্জিল ইমামে ক’লে ভাষণক লৈ মোৰ কোনো অনুতাপ নাই। 

  • Share this:
দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জেএনইউৰ গৱেষণা ছাত্ৰ শ্বাৰ্জিল ইমামে চকু কপালত তোলা প্ৰতিক্ৰিয়া দিছে। আৰক্ষীৰ সূত্ৰমতে, শ্বাৰ্জিলে ক্ৰাইম ব্ৰাঞ্চৰ সোধা–পোছা কৰা কালত ভিডিও সলনি কৰাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কয় যে, সেই ভিডিও মোৰেই, ইয়াৰ সৈতে কোনেও একো সালসলনি কৰা নাই, কিন্তু এইটো মোৰ সম্পূৰ্ণ ক্লিপ নহয়। 

আৰক্ষীয়ে সোধা–পোছা কৰোতে শ্বাৰ্জিল ইমামে লগতে কৈছে, ভাষণ দিয়াক লৈ তেওঁ একেবাৰে অনুতপ্ত নহয়। তেওঁ নিজৰ বিৰোধ এনেদৰেই অব্যাহত ৰাখিব। ২৮জানুৱাৰীত বিহাৰৰ জাহানাবাদত গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিলৰ বিৰুদ্ধে অসম সহ কেইবাখনো ৰাজ্যত গোচৰ ৰুজু কৰা হৈছিল। গ্ৰেপ্তাৰৰ পিছতে দিল্লীলৈ সোধা–পোছাৰ কাৰণে অনা হয় শ্বাৰ্জিল ইমামক।

শ্বাৰ্জিল ইমামৰ ভাইৰেল ভাষণৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আলীগঢ় মুছলীম ইউনিভাৰ্ছিটিৰ মঞ্চৰ পৰা অসমক ভাৰতৰ কৰা কাটি পেলোৱাৰ উচতনি দিছিল। মুছলমানসকলে নিজৰ শক্তি দেখুৱাই কমেও এমাহৰ কাৰণে অসমৰে ভাৰতৰ সম্পৰ্ক কাটি পেলাব লাগে বুলি কৈছিল শ্বাৰ্জিল ইমামে। তেওঁ পোষকতা কৰিছিল যে, ৰে’লৱে ট্ৰেক ব্লক কৰি এমাহমাহনৰ কাৰণে অসমক ভাৰতৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিলে কেন্দ্ৰই আঁঠু ল’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি