• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি শাৰদীয় নৱৰাত্ৰীৰ দ্বিতীয়টো দিন; দেৱী দুৰ্গাৰ দ্বিতীয় স্বৰূপ বহ্মচাৰিণী পূজাৰ দিনটো কিদৰে পূজা কৰিব জানো আহক

আজি শাৰদীয় নৱৰাত্ৰীৰ দ্বিতীয়টো দিন; দেৱী দুৰ্গাৰ দ্বিতীয় স্বৰূপ বহ্মচাৰিণী পূজাৰ দিনটো কিদৰে পূজা কৰিব জানো আহক

ধৰ্মীয় শাস্ত্ৰ অনুসৰি, দেৱী ব্ৰহ্মচাৰিণীক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী বুলি গণ্য কৰা হয়।

ধৰ্মীয় শাস্ত্ৰ অনুসৰি, দেৱী ব্ৰহ্মচাৰিণীক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী বুলি গণ্য কৰা হয়।

ধৰ্মীয় শাস্ত্ৰ অনুসৰি, দেৱী ব্ৰহ্মচাৰিণীক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী বুলি গণ্য কৰা হয়।

  • Share this:
আজি শাৰদীয় নৱৰাত্ৰীৰ দ্বিতীয়টো দিন। এই দিনটোত দেৱী দুৰ্গাৰ দ্বিতীয় স্বৰূপ বহ্মচাৰিণী পূজা কৰা হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি, দেৱী ব্ৰহ্মচাৰিণীক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী বুলি গণ্য কৰা হয়। দেৱী দুৰ্গাৰ এই ৰূপত তেওঁৰ এখন হাতত জপ কৰা মালা আৰু আনখন হাতত কমণ্ডল থাকে। বিশ্বাস কৰা হয় যে দেৱী দুৰ্গাৰ ব্ৰহ্মচাৰিণী ৰূপৰ উপাসনা কৰিলে সংযম, তপস্যা, ত্যাগ, জ্ঞান আদি বৃদ্ধি হয়। ইয়াৰোপৰি দেৱী দুৰ্গাৰ কৃপাত জীৱনৰ কঠিন পৰিস্থিতিও সহজ হৈ পৰে বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে। নৱৰাত্ৰিৰ দ্বিতীয় দিনত দেৱী ব্ৰহ্মচাৰিণীক উপাসনা কৰা পদ্ধতি, মন্ত্ৰ, আৰতি আৰু ভোগৰ বিষয়ে কিছু কথা জানো আহক।

দেৱী ব্ৰহ্মচাৰিণীৰ পূজা বিধি-

নৱৰাত্ৰিৰ দ্বিতীয় দিনটোত দেৱী ব্ৰহ্মচাৰিণীৰ উপাসনাৰ সময়ত হালধীয়া বা বগা কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। প্ৰথমে, পঞ্চমৃতৰ সৈতে দেৱী দুৰ্গাক গা ধুৱাব। ইয়াৰ পিছত অক্ষত, ৰোলি, চন্দন কাঠ, লবঙ্গ, ইলাচী, তাল মিচৰী আদি আগবঢ়াব। দেৱী দুৰ্গাৰ ব্ৰহ্মচাৰিণী ৰূপৰ প্ৰিয় ফুল হৈছে পদুম আৰু অধুল ফুল। সেয়েহে যদি সম্ভৱ হয় তেন্তে এই ফুলবোৰ দেৱীক আগবঢ়াব পাৰে। আজিৰ দিনটোত, দেৱীক বগা ৰঙৰ সামগ্ৰী আগবঢ়াব। উপাসনাৰ সময়ত দেৱীৰ সন্মুখত তেলৰ সলনি ঘিউ দি চাকি জ্বলাব। পূজাৰ শেষত দেৱী ব্ৰহ্মচাৰিণীৰ আৰতি পৰিৱেশন কৰক।

দেৱী ব্ৰহ্মচাৰিণীক এইবোৰ সামগ্ৰী ভোগ দিয়ক-

দেৱী ব্ৰহ্মচাৰিণীৰ প্ৰিয় ভোগ হৈছে চেনী আৰু তাল মিচৰী, সেয়েহে দেৱীক ভোগত চেনী, তাল মিচৰী আৰু পঞ্চমৃত আগবঢ়াব। ইয়াৰ বাহিৰেও, ব্ৰহ্মচাৰিণী দেৱীয়ে গাখীৰ আৰু গাখীৰৰ পৰা বনোৱা ব্যঞ্জন খুব ভাল পায়। গতিকে আপুনি দেৱীত গাখীৰেৰে তৈয়াৰ কৰা ব্যঞ্জন আগবঢ়াব পাৰে। এইটো বিশ্বাস কৰা হয় যে ব্ৰহ্মচাৰিণী দেৱীয়ে এই বস্তুবোৰ উপভোগ কৰি সন্তুষ্ট হয়।

দেৱী ব্ৰহ্মচাৰিণীৰ মন্ত্ৰ-

১) য়া দেৱী সৰ্বভূতেশু মা ব্ৰহ্মচাৰিণী ৰুপেন সংস্থিতা নমস্তাস্যই নমস্কাৰসাই নমস্কাৰসাই নমো নমহ

২) দধানা কপাভ্যামক্ষমালাকমণ্ডলু দেৱী প্ৰসিদতু মায়ি ব্ৰহ্মচাৰিণ্যনুত্তমা
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি