• Home
  • »
  • News
  • »
  • nation
  • »
  • সোণৰ কইনা! কইনাই ইমানেই গহনা পিন্ধিলে যে, বিয়া ঘৰ পালেহি আৰক্ষী, Viral Video প্ৰত্যক্ষ কৰি অভিযান চলোৱাৰ সিদ্ধান্ত আয়কৰ বিভাগৰ

সোণৰ কইনা! কইনাই ইমানেই গহনা পিন্ধিলে যে, বিয়া ঘৰ পালেহি আৰক্ষী, Viral Video প্ৰত্যক্ষ কৰি অভিযান চলোৱাৰ সিদ্ধান্ত আয়কৰ বিভাগৰ

বিয়া ঘৰৰ ভিডিও ভাইৰেল হোৱাৰ পিছতে উপস্থিত হ'ল আৰক্ষী।

বিয়া ঘৰৰ ভিডিও ভাইৰেল হোৱাৰ পিছতে উপস্থিত হ'ল আৰক্ষী।

বিয়া ঘৰৰ ভিডিও ভাইৰেল হোৱাৰ পিছতে উপস্থিত হ'ল আৰক্ষী।

  • Share this:
উত্তৰ প্ৰদেশত চামলি (চামলি) জিলাৰ এখন বিয়াত টকা আৰু গহনা প্ৰদৰ্শন কৰাৰ ভিডিও ছচিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল হৈছে। ভিডিওটোত কোৱা হৈছে যে, নগদ ২০ লাখ ৫১ হাজাৰ টকাৰ লগতে ৪০ বিধ ভিন্ন ধৰণৰ সোণৰ অলংকাৰ, ৩০ বিধ ভিন্ন ধৰণৰ ৰূপৰ অলংকাৰ ৰখা হৈছে। সেইদৰে সম্পদানৰ সময়ত কইনাক ভাতৃয়ে প্ৰদান কৰে
২১ লাখ টকা আৰু ১১ বিধ সোণৰ সামগ্ৰী। ইয়াৰ উপৰিও অতিথিৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছিল এখন বিলাসী গাড়ী।

ভিডিওটোত দেখা গৈছে যে, কইনাইয়ো শৰীৰত বহুখিনি সোণৰ গহনা মেৰিয়াই বহি আছে। চামলি জিলাৰ কাচবা থানা অন্তৰ্গতএই বিয়াখন বৰ্তমান চৰ্চাৰ কাৰণ হৈ পৰিছে।



ইফালে কোৰোণাৰ এনে ভয়ংকৰ সংক্ৰমণৰ সময়ছোৱাত বিয়াঘৰত অত্যন্ত ভিৰো পৰিলক্ষিত হৈছে। আনকি দৰা ঘৰৰ লোকক যৌতুক হিচাপে দিছে প্ৰায় ৬৫ লাখ টকা।

ভাইৰেল ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰিয়েই স্থানীয় আৰক্ষী চকীৰ OC অমিত চাক্সেনা উপস্থিত হ'লগৈ বিয়াঘৰত। লগতে সমগ্ৰ ঘটনাৰ বিষয়ে জনোৱা হৈছে আয়কৰ বিভাগক। আৰু আয়কৰ বিভাগৰ অভিযানত অন্তত লোৱা হ'ব ব্যৱস্থা।
Published by:Himangshu Bhuyan
First published: