নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকে মহতিয়াই নিলে দুখন যাত্ৰীবাহী বাহন, থিতাতে নিহত ১৬ গৰাকী যাত্ৰী

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত মংগলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা

News18-Assam
Updated:August 27, 2019, 1:04 PM IST
নিয়ন্ত্ৰণ হেৰুৱাই  ট্ৰাকে মহতিয়াই নিলে দুখন যাত্ৰীবাহী বাহন, থিতাতে নিহত ১৬ গৰাকী যাত্ৰী
Source-Live Hindustan.com
News18-Assam
Updated: August 27, 2019, 1:04 PM IST
উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত মংগলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহতীয়াই নিয়ে দুখনকৈ যাত্ৰীবাহী বাহন। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয়  ১৬ গৰাকী যাত্ৰীৰ লগতে আহত হয় প্ৰায় ২৫ গৰাকী। আহত সকলক ততাতৈয়াকৈ শ্বাহজাহানপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হয়। নিহত ১৬ গৰাকীৰ ভিতৰত এগৰাকী মহিলা আৰু তিনিটা শিশু আছে বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী। আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, কাপোৰ ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই লক্ষ্ণৌ–দিল্লী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমে এখন যাত্ৰীবাহী মেজিকক খুন্দা মাৰে, পিছত এখন টেম্পোক খুন্দা মাৰে। মঙলবাৰে  সংঘটিত হোৱা এনে ভয়ংকৰ পথ দূৰ্ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
আৰু চাওক পৰৱৰ্তী বাতৰি