CAAৰ বিৰুদ্ধে প্ৰতিবাদঃ বিজেপি নেতাই ক’লে, ‘শ্বাহীনবাগ ISISৰ দৰে, দিল্লীক ছিৰিয়া হ’বলৈ দিব নোৱাৰি’

News18 Assam | News18-Assam
Updated:January 31, 2020, 4:03 PM IST
CAAৰ বিৰুদ্ধে প্ৰতিবাদঃ বিজেপি নেতাই ক’লে, ‘শ্বাহীনবাগ ISISৰ দৰে, দিল্লীক ছিৰিয়া হ’বলৈ দিব নোৱাৰি’
বিজেপি নেতাই সাংসদ অনুৰাগ ঠাকুৰৰ মন্তব্যৰো কৰিলে সমৰ্থন

বিজেপি নেতাই সাংসদ অনুৰাগ ঠাকুৰৰ মন্তব্যৰো কৰিলে সমৰ্থন

  • Share this:
শ্বাহীনবাগ ISISIৰ দৰে। বিজেপি নেতাৰ মন্তব্যত এতিয়া সমগ্ৰ দেশত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। দিল্লী বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি তুংগত উঠিছে বিতৰ্কৰ। অনুৰাগ ঠাকুৰৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সচিব তৰুণ চুঘে এইবাৰ কৰিছে আন এক বিতৰ্কিত মন্তব্য।



বিজেপিৰ নেতাজনে শ্বাহীনবাগক তুলনা কৰিলে ISISৰ সৈতে। লগতে বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ মন্তব্যক সমৰ্থন কৰি দিল্লীক ছিৰিয়া হ’বলৈ কোনো দিন এৰি দিয়া নহ’ব বুলিও মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সচিবগৰাকীয়ে।


আৰু চাওক
পৰৱৰ্তী বাতৰি