ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে চণ্ডীগড় বিমানবন্দৰৰ নাম স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগত সিঙৰ নামেৰে নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। শ্বহীদ ভগত সিঙৰ ভতিজা অধ্যাপক জগমোহন সিঙে প্ৰধানমন্ত্ৰীৰ এই ঘোষণাক আদৰণি জনায় আৰু ইয়াক জনসাধাৰণৰ বাবে বিজয় বুলি অভিহিত কৰে। বিগত ২৫ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ত মোদীয়ে কয় যে, ভগত সিঙৰ জন্মজয়ন্তীৰ ঠিক আগতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। চণ্ডীগড় বিমানবন্দৰৰ নাম শ্বহীদ ভগত সিঙৰ নামেৰে ৰখা হোৱাৰ সিদ্ধান্ত চৰকাৰে লোৱাৰ কথা তেওঁ জনায়।
অধ্যাপক জগমোহন সিঙে কয় যে, চৰকাৰে মহান স্বাধীনতা সংগ্ৰামী ভগত সিঙক সন্মান জনোৱাৰ সিদ্ধান্তক তেওঁ আদৰণি জনাইছে। কিন্তু তেওঁ এই সিদ্ধান্তক এটা দীৰ্ঘদিনীয়া সিদ্ধান্ত আছিল বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে, চণ্ডীগড় বিমানবন্দৰৰ নাম শ্বহীদ ভগত সিঙৰ নামেৰে ৰখা বিষয়টো ২০০৬ চনত উত্থাপন কৰা হৈছিল আৰু শ্বহীদ ভগত সিঙৰ ১০০তম জন্ম জয়ন্তীত পঞ্জাৱ বিধানসভাৰ অধিৱেশনত এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। এই অধিৱেশনত উক্ত বিমানবন্দৰটো শ্বহীদজনাৰ নামেৰে নামাকৰণ কৰাৰ দাবী জনোৱা হৈছিল। কিন্তু হাৰিয়ানা চৰকাৰে নিজৰ মানুহৰ নামৰ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছিল আৰু সেই সময়ত এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে এক বিবৃতি দিছিল যে বিমানবন্দৰটো কোনো নিৰ্দিষ্ট ব্যক্তিৰ নামেৰে নহয় বৰঞ্চ কেৱল এখন চহৰৰ নামেৰে নামাকৰণ কৰা হ'ব।
অধ্যাপক সিঙে লগতে কয় যে, ৰাজ্যখনৰ জনসাধাৰণৰ হেঁচাত হাৰিয়ানা চৰকাৰে ২০১০ চনত ৰাজ্যিক বিধানসভাত শ্বহীদ ভগত সিঙৰ নামেৰে চণ্ডীগড় বিমানবন্দৰৰ নাম ৰখাৰ বাবে এটা প্ৰস্তাৱ গৃহীত কৰিছিল। ইয়াৰোপৰি তেওঁ কয় যে, উক্ত বিমানবন্দৰটো কোনো কৰ্পোৰেটক হস্তান্তৰ কৰা উচিত নহয়, যিটো শ্বহীদ ভগত সিঙৰ চিন্তাধাৰাৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰে যে শ্বহীদ ভগত সিং দেশৰ আটাইতকৈ ডাঙৰ শ্বহীদ আৰু এতিয়া চণ্ডিগড় বিমানবন্দৰৰ নামও তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ব। শ্বহীদ ভগত সিঙৰ মাতৃ বিদ্যাৱতীয়ে তেওঁৰ পুত্ৰই অকলে থিয় হ'বলৈ ভাল নাপায় বুলি বিশ্বাস কৰিছিল আৰু সেয়েহে শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ ছবি বিমানবন্দৰৰ ভিতৰত ৰাখিব লাগে বুলি অধ্যাপক সিঙে জনায়।
Published by: Sehnaz Begum
FIRST PUBLISHED : September 26, 2022, 11:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।