‘মোৰ মাক ক্ষমা কৰি দিয়ক’ – কান্দি কান্দি মাতৃৰ ক্ষমা বিচাৰি হাহাকাৰ শ্ববনমৰ কণমানি পুত্ৰৰ

আমৰোহাৰ বাসিন্দা শ্ববনমক মথুৰা কাৰাগাৰত মৃত্যুদণ্ড দিয়া হ'ব। কিন্তু শ্ববনমৰ ১২ বছৰীয়া কণমানি পুত্ৰই মাতৃৰ ক্ষমা বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে।
আমৰোহাৰ বাসিন্দা শ্ববনমক মথুৰা কাৰাগাৰত মৃত্যুদণ্ড দিয়া হ'ব। কিন্তু শ্ববনমৰ ১২ বছৰীয়া কণমানি পুত্ৰই মাতৃৰ ক্ষমা বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে।
- News18 Assam
- Last Updated: February 19, 2021, 5:51 PM IST
কিন্তু এতিয়া প্ৰশ্নটো হ'ল, দুয়োৰে ফাঁচিৰ পাচতে কি হ'ব জে’লত জন্মা তেওঁলোকৰ পুত্ৰ সন্তানটোৰ? কিয়নো শ্ববনমৰ পুত্ৰ তাজে তেওঁৰ মাতৃক মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ক্ষমা প্ৰদান কৰিবলৈ ৰাষ্ট্রপতিলৈ অনুৰোধ জনাইছে। যিয়ে প্ৰেমিকৰ সৈতে লগ হৈ নিজৰ ১০ মহীয়া ভতিজাসহ পৰিয়ালৰ ৭ গৰাকীকৈ লোক ২০০৮ চনত কুঠাৰেৰে কাটি নৃশংসভাৱে হত্যা কৰিছিল।
আমৰোহাৰ বাসিন্দা শ্ববনমক মথুৰা কাৰাগাৰত মৃত্যুদণ্ড দিয়া হ'ব। কিন্তু শ্ববনমৰ ১২ বছৰীয়া কণমানি পুত্ৰই মাতৃৰ ক্ষমা বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে। মাকৰ বাবে ক্ষমা বিচাৰি তাজে এনেদৰে কয়, "ৰাষ্ট্রপতি খুড়া, মোৰ মাক ক্ষমা কৰি দিয়ক"। লক্ষণীয়া তাজৰ জন্ম জে’লতেই ২০০৮ চনৰ ১৩ ডিচেম্বৰত হৈছিল যদিও বৰ্তমানে শ্ববনমৰ পুত্ৰ তাজ বুলন্দশ্বাহৰৰ সুশীল বিহাৰ কলনীত বাস কৰা মাকৰ কলেজীয়া বন্ধুু উচমান চেফীৰ সৈতে বাস কৰে।
প্ৰতিবেদন অনুসৰি, ২১ ফেব্ৰুৱাৰীত শ্বৱনমে তেওঁৰ পুত্ৰ তাজ আৰু তাজৰ সৈতে থকা তেওঁৰ কলেজীয়া বন্ধু উচমমানক লগ পাইছিল। লগ পোৱাৰ সময়ত শ্ববনমে পুতেকক এটা চকলেট আৰু কেইটামান টকা দিছিল। শ্ববনমৰ পুতেকক তুলি লোৱা উচমান চেফীয়ে লগতে কৈছিল যে, তাজক তুলি ল'বলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল আৰু ইয়াৰ বাবে তেওঁ শ্বৱনমক ২৪ বাৰ কাৰাগাৰত লগ কৰিবলগীয়া হৈছিল। শ্ববনম আৰু উচমান চেফীয়ে একেখন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। শ্ববনম উচমানতকৈ দুবছৰ জ্যেষ্ঠ আছিল। বহু প্ৰচেষ্টাৰ অন্ততহে উচমানে তাজৰ দায়িত্ব ল'বলৈ সক্ষম হৈছিল।
শ্ববনম আৰু চেলিমৰ এই গোচৰক লৈ ১০০ তাৰিখলৈকে বিতৰ্ক হৈছিল। ইয়াৰে ২৯ গৰাকী সাক্ষীয়ে শ্ববনম আৰু চেলিমৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছিল। গোচৰটোৰ বিচাৰ ২৭ মাহ ধৰি চলিছিল। তাৰ পিছত, ২০১০ চনৰ ১৪ জুলাইত শ্ববনম আৰু চেলিমক দোষী সাব্যস্ত কৰা হৈছিল।
২০১০ চনৰ ১৫ জুলাইত দুয়োজনকে মৃত্যুদণ্ড দিয়া হৈছিল। গোচৰটোত সাক্ষীসকলক ৬৪৯টা প্ৰশ্ন কৰা হৈছিল। ১৬০ পৃষ্ঠাৰ শাস্তি শুনানি দিয়া হৈছিল। শ্ববনম আৰু চেলিমৰ গোচৰৰ বিচাৰ তিনিগৰাকী জিলা ন্যায়াধীশৰ কাৰ্যকালত সম্পূৰ্ণ হৈছিল। জিলা ন্যায়াধীশ এচ এ এ হুছেইনে ২৯ ছেকেণ্ডৰ মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।