• Home
  • »
  • News
  • »
  • nation
  • »
  • Sex Tourism racket: মুম্বাইত দেহ ব্যৱসায়ৰ অন্য ৰূপ, বিমানবন্দৰত ধৰা পেলালে ছেক্স টুৰিজম ৰেকেট

Sex Tourism racket: মুম্বাইত দেহ ব্যৱসায়ৰ অন্য ৰূপ, বিমানবন্দৰত ধৰা পেলালে ছেক্স টুৰিজম ৰেকেট

ইতিমধ্যে উদ্ধাৰকৃত ২ মহিলাক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে।

ইতিমধ্যে উদ্ধাৰকৃত ২ মহিলাক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে।

ইতিমধ্যে উদ্ধাৰকৃত ২ মহিলাক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে।

  • Share this:

নাৰী দেহ ব্যৱসায়ৰ অন্য এক বিশেষ অধ্যায় পোহৰলৈ আহিছে মুম্বাইত। মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এই ব্যৱসায়ত জড়িত এটা দলক গ্ৰেপ্তাৰ কৰে। এই দলটোৰ দেহ ব্যৱসায়ৰ পদ্ধতিয়ে চকিত কৰে আৰক্ষীক। আৰক্ষীৰ সূত্ৰ অনুসৰি এই দলটোৱে গ্ৰাহকৰ সৈতে কোনো মহিলাক ভিন্ন ঠাইলৈ ভ্ৰমণ কৰোৱায় বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত।


অপৰাধ শাখাই ২০২০ চনত দেহ ব্যৱসায়ৰ বাবে গ্ৰেপ্তাৰ কৰা এগৰাকী মহিলাই তেওঁৰ সঙ্গীৰ সৈতে অন্যধৰণে দেহ ব্যৱসায় কৰাৰ বিষয়ে জানিব পাৰি ইয়াৰ পম খেদি আছিল আৰু সুযোগ বুজি মুম্বাই বিমানবন্দৰত অপৰাধ শাখাৰ দলটোৱে দুগৰাকী মহিলাক ফান্দত পেলায়। ইয়াৰ পিছতে ইয়াৰ আঁৰত থকা দেহ ব্যৱসায়ী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। অপৰাধ শাখাই গোচৰটোত আন দুজন লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ এজন হৈছে আবৰুণ আমজাদ খান ওৰফে চাৰা আৰু আনজন হৈছে বৰ্ষা দয়ালাল। ইতিমধ্যে উদ্ধাৰকৃত ২ মহিলাক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে।


এই দলটোৱে কেনেদৰে কাম কৰিছিল
এই দলটোৱে গ্ৰাহকক ছোৱালীৰ ফটো দেখুৱাই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত চুক্তি সম্পন্ন কৰি ভাৰতৰ বিভিন্ন পৰ্যটন স্থানলৈ প্ৰেৰণ কৰে। গোৱা আছিল তেওঁলোকৰ মূল ঠাই। গ্ৰাহকসকলে নিজে বিমানৰ টিকট বুক কৰে আৰু উক্ত ভ্ৰমণ কৰা ঠাইত দম্পতী ৰূপে পৰিচয় দিয়ে।


আৰক্ষীয়ে সদৰী কৰা মতে, গ্ৰাহকসকলে দুদিনৰ বাবে ৫০,০০০ টকা পৰিশোধ কৰিছিল। গ্ৰাহকৰ লগত যোৱা ছোৱালীৰ পৰা ২০ শতাংশ কমিছন আদায় কৰিছিল দলটোৱে। আৰক্ষীয়ে নিজে গ্ৰাহকৰ বেশ ধৰি ফান্দত পেলায় দেহ ব্যৱসায়ী চক্ৰটোক।

Published by:Gautam Barman
First published: