বিউটী পাৰ্লাৰত হঠাৎ আৰক্ষীৰ অভিযান – এয়া কি? আচৰিত আৰক্ষী

News18 Assam | News18-Assam
Updated:February 2, 2020, 5:34 PM IST
বিউটী পাৰ্লাৰত হঠাৎ আৰক্ষীৰ অভিযান – এয়া কি? আচৰিত আৰক্ষী
Photo : Aajtak

গোপন সূত্ৰৰ পম খেদি এট্ৰেকশ্যন বিউটী পাৰ্লাৰখনত অভিযান চলাইছিল আৰক্ষীয়ে।

  • Share this:
বিউটী পাৰ্লাৰত অসামাজিক কাৰ্যকলাপ। বিভিন্ন সময়ত শুনা যায় এই অভিযোগ। এনে এক ঘটনাই পুনৰ পোহৰলৈ আহিছে। ঘটনাটো হাৰিয়ানাৰ যমুনানগৰৰ। এখন বিউটী পাৰ্লাৰৰ পৰা আৰক্ষীয়ে উৎখাত কৰে দেহ ব্যৱসায়ৰ ঘাটি। ধনৰ বিনিময়ত পাৰ্লাৰখনত একাংশ যুৱতীয়ে চলাইছিল অসামাজিক কাৰ্যকলাপ।

আৰক্ষীৰ মতে, গোপন সূত্ৰৰ পম খেদি এট্ৰেকশ্যন বিউটী পাৰ্লাৰখনত অভিযান চলাইছিল আৰক্ষীয়ে। কিন্তু পাৰ্লাৰখনত সোমায়েই আচৰিত হ’ল আৰক্ষী। চাৰিজন যুৱকৰ সৈতে দুই যুৱতীক আপত্তিজনক অৱস্থাত হাতে–লোটে ধৰা পেলায় আৰক্ষীয়ে।

চহৰৰ মাজমজিয়াত এইদৰে বিউটী পাৰ্লাৰত অসামাজিক কাৰ্যকলাপ চলি ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীয়ে ধৃত আটাইকে জেৰা কৰি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এনেধৰণৰ কাৰ্যকলাপ কিমান দিন ধৰি চলি আছে আৰু ইয়াৰ মাষ্টাৰমাইণ্ড কোন সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। ‘আজ টক’ত প্ৰকাশ পাইছে এই খবৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি