বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপন কৰা কাৰ্য বলাৎকাৰ নহয়ঃ দিল্লী উচ্চ ন্যায়ালয়

বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বিচাৰ কৰে যে বিবাহৰ প্ৰতিশ্ৰুতিৰে দীঘলীয়া সময় ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা কাৰ্যই বলাৎকাৰ নুবুজায়।
বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বিচাৰ কৰে যে বিবাহৰ প্ৰতিশ্ৰুতিৰে দীঘলীয়া সময় ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা কাৰ্যই বলাৎকাৰ নুবুজায়।
- News18 Assam
- Last Updated: December 18, 2020, 11:48 AM IST
ন্যায়াধীশ বিভু বখৰুৱে কয় যে, কিছু ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত মানুহে যৌন কাৰ্যত লিপ্ত হয়। অৱশ্যে এই ধাৰণা দীঘলীয়া সময় ধৰি চলি থকা নিবিড়তাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব নোৱাৰি। আদালতে কয়,"কিছু ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতিয়ে কোনো পক্ষক যৌন সম্পৰ্ক অনিচ্ছাস্বত্তেও প্ৰতিষ্ঠা কৰিবলৈ বাধ্য কৰিব পাৰে। অস্বীকাৰ কৰিবলৈ মন থকাৰ পিছতো কোনো ব্যক্তিয়ে এনে প্ৰতিশ্ৰুতিৰ কাৰণে ক্ষন্তেকীয়া সম্পৰ্কত লিপ্ত হ’ব পাৰে।"
বলাৎকাৰৰ গোচৰৰ পৰা ব্যক্তিজনক ৰেহাই দি ক’ৰ্টে এই ৰায় দিয়ে। উচ্চ ন্যায়ালয়ে লগতে কয় যে... in cases of false promise to marry, the other party may "vitiate consent and, thus, constitute an offence of rape under Indian Penal Code section 375" (বিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে সম্পৰ্ক স্থাপন কৰিলে এটা পক্ষই ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ধাৰাৰ অধীনত বলাৎকাৰৰ গোচৰ ৰুজু কৰিব পাৰে। অৱশ্যে দীঘলীয়া সময়ৰ কাৰণে নিবিড় সম্পৰ্কক বলাৎকাৰ আখ্যা দিব পৰা নাযায়।) টাইমছ ইণ্ডিয়াত প্ৰকাশ পায় এই বাতৰি।