নতুন দিল্লীঃ সোমবাৰৰ পৰা Sovereign Gold Bond-ৰ চাবস্ক্ৰিপশ্যন খোলা হৈছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৰিজাৰ্ভ বেংকে এইবাৰ গল্ড চাবস্ক্ৰিপশ্যনৰ দাম প্ৰতি দহ গ্ৰামত ৫০৫১ টকা কৰিছে। অনলাইনত আৱেদন কৰিলে প্রতি গ্রামত ৫০ টকা ৰেহাই পাব। অনলাইন আবেদনকাৰীসকলৰ ক্ষেত্ৰত প্রতি গ্রামৰ মূল্য হ’ব ৫০০১ টাকা ৷ এইটো ২০২০-২১ বিত্তীয় বৰ্ষৰ সপ্তম চিৰিজ (Sovereign Gold Bond Scheme 2020-21-Series VII) ৷ বিনিয়োগকাৰীসকলৰ ওচৰত চাবস্ক্রিপশ্যন কিনাৰ সময় আজি অর্থাৎ ১২ অক্টোবৰ পৰা ১৬ অক্টোবৰ পৰ্যন্ত আছে।
গ’ল্ড বণ্ডৰ মেচিউৰিটি পিৰিয়ড ৮বছৰলৈ থাকে। ইনভেষ্টৰে ৫ বছৰৰ পিছত এইটো তুলি নিব পাৰে। মেচিউৰিটিৰ সময়ত সোণৰ তৎকালীন দামৰ ওপৰত মূল্য ঠিক কৰা হয়। আপুনিও ইয়াত ইনভেষ্ট কৰিব বিচাৰিলে এই গুৰুত্বপূৰ্ণ তথ্যসমূহ জানি লওক।
১. আগষ্ট মাহত সোণৰ দাম এইপৰ্যন্ত সৰ্বাধিক আছিল। ইয়াৰ পিছত সোণৰ দাম হ্ৰাস পাবলৈ লয়। এই গ’ল্ড বণ্ডৰ ইচ্ছ্যু এনে সময়ত আহিছে যেতিয়া সোণৰ দাম হ্ৰাস পাবলৈ লৈছে। বৰ্তমান ১০ গ্ৰাম সোণৰ দাম প্ৰায় ৫৬,২০০ টকা ৷
২. আৰিবিআই গ’ল্ড বণ্ডত সোণৰ দাম IBJA ৰ জৰিয়তে পাব্লিছ কৰা ক্লজিং প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে। এইটো ৯৯৯ শুদ্ধতাৰ সোণৰ কাৰণে।
৩. এই বণ্ডটো কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৰিজাৰ্ভ বেংকে জাৰি কৰে।
৪. এই স্কীমটো নৱেম্বৰ, ২০১৫ বৰ্ষত লঞ্চ কৰা হৈছিল। দেশত ফিজিকেল গ’ল্ডৰ চাহিদা কম কৰা তথ্য ইয়াৰ মাধ্যমত সাধাৰণ মানুহৰ চেভিংছত সাহাৰ্য প্ৰদান কৰাৰ কাৰণে এই স্কীম লৈ অহা হৈছিল।
৫. এই স্কীমত ন্যূনতম ১ গ্রাম সোণত ইনভেষ্ট কৰিব লাগিব।
৬. গ’ল্ড বণ্ডত স্মল ফাইনেন্স বেংক, পেমেন্ট বেংক, ষ্টক হ’ল্ডিং কর্পৰেশ্যন অৱ ইণ্ডিয়া, পোষ্ট অফিচ, NSE আৰু BSE ৰ জৰিয়তে ইনভেষ্ট কৰিব পাৰে।
৭. মেচিউৰিটিত একাধিক লাভ পাব পাৰে এই স্কীমত।
৮. গ’ল্ড বণ্ডত বার্ষিক ২.৫০ শতাংশ হিচাপত সুত পোৱা যাব।
৯. ইয়াত ইনভেষ্ট কৰাৰ ভাল কথাটো হ’ল ষ্টৰেজৰ চিন্তা কৰিব নালাগে। ডিমেট ৰাখিলে জিএছটিও দিব নালাগে।
১০. গ’ল্ড বণ্ডৰ মেচিউৰিটিত কেপিটেল গেইন হ’লে টেক্সত ৰেহাই পাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|