উত্তৰাখণ্ডৰ কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৭জন লোকে কৰুণ মৃত্যুক সাবটি লয়। এই দুৰ্ঘটনাটো সংঘটিত হয় গৰুড়চট্টীৰ সমীপত। দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন আৰ্যান হেলি কোম্পানীৰ বুলি কোৱা হৈছে।
সূত্ৰ অনুসৰি, দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখনত পাইলটসহ সাতজন লোক আছিল আৰু দুৰ্ঘটনাত আটাইৰে মৃত্যু হয়। ঘন কুঁৱলীৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত হেলিকপ্টাৰখনত খণ্ড–বিখণ্ড হৈ পৰে। বষুণৰ মাজতে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।
দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক দক্ষিণ ভাৰতৰ তীৰ্থযাত্ৰী বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰে। অমিত শ্বাহে টুইট কৰি লিখিছে যে কেদাৰনাথত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱা ঘটনা অতি দুখজনক। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলো লোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। ঈশ্বৰে তেওঁলোকক দুখ সহিব পৰা শক্তি দিয়ক।
এই দুৰ্ঘটনাক লৈ উত্তৰাখণ্ড চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট কৰি লিখিছে, কেদাৰনাথৰ সমীপৰ গৰুড়চট্টীত দুৰ্ভাগ্যজনক হেলিকপ্টাৰ দুৰ্ঘটনা হোৱাৰ দুখজনক খবৰ লাভ কৰিছো। উদ্ধাৰকাৰ্যৰ বাবে এছডিআৰএফ আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। এই দুখজনক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|