জম্মুৰ নৰৱাল অঞ্চলত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে আই ডি বিস্ফোৰণ। ৰাজ্যখনৰ নৰৱালত সংঘটিত দুটাকৈ আই ডি বিস্ফোৰণত ৭ জন লোক আহত হয়। নৰৱালৰ পৰিবহণ নগৰৰ ৭ নম্বৰ য়াৰ্ডত সংঘটিত হয় এই বিস্ফোৰণ।
বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হৈছে এডিজিপি জম্মু (এডিজিপি জম্মু জ’ন) মুকেশ সিং। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই News18ক জনোৱা মতে, দুখন বাহনত সংঘটিত হোৱা এই বিস্ফোৰণত ৭ জন লোক আহত হয়। আটাইকেইজন আহতক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
ইতিমধ্যে সুৰক্ষাকৰ্মীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে। আৰক্ষী জোৱানৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াও সেই স্থানত উপস্থিত হৈছে। বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।
উল্লেখ্য, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰু আগন্তুক গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনী হাইএলাৰ্টত থকাৰ সময়তে জম্মুত সংঘটিত হৈছে এই দুটা বিস্ফোৰণ। বৰ্তমান কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা জম্মুৰ মাজেৰে পাৰ হৈ আছে। বিস্ফোৰণ সংঘটিত হোৱা নৰৱালৰ পৰিবহণ নগৰ অঞ্চলটো ট্ৰাকৰ হাব হিচাপে পৰিচিত। সেই স্থানৰ পৰাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত বিস্ফোৰণৰ পিছত আৰক্ষীয়ে বাহন পৰীক্ষা কৰা দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|