INX মিডিয়া কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। জামিন আবেদন খাৰিজ কৰাৰ পিছত এতিয়া যিকোনো মুহূৰ্ততে চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিব পাৰে ED–এ। চিদাম্বৰমৰ বিৰুদ্ধে উপযুক্ত তথ্য–প্ৰমাণ থকা বুলি দাবী কৰিছে ED–এ। চিদাম্বৰমৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই সময়ত অভিযুক্তক অগ্ৰিম জামিন প্ৰদান কৰিলে ন্যায় প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব।
উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে ED–এ কি তথ্য সংগ্ৰহ কৰিছে, সেয়া পি চিদাম্বৰমক দেখুওৱাৰ কোনো প্ৰয়োজন নাই। তদন্তকাৰী সংস্থাটোৱে প্ৰাক্তন বিত্ত মন্ত্ৰীজনক কি প্ৰশ্ন কৰিছে তাৰ তথ্যও আদালতত দাখিল কৰাৰ প্ৰয়োজন নাই।
উচ্চতম ন্যায়ালয়ে কয় যে অনুচ্ছেদ ৩২ অনুসৰি অগ্ৰিম জামিন কোনো লোকৰ মৌলিক অধিকাৰ হ’ব নোৱাৰে। এয়া এনেকুৱা গোচৰ নহয়, যিটোত অগ্ৰিম জামিন দিব পৰা যায়। তদন্তকাৰী সংস্থাক গোচৰৰ তদন্তৰ বাবে পৰ্যাপ্ত স্বাধীনতা দিয়া উচিত বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
উল্লেখযোগ্য যে ২১ আগষ্টত গ্ৰেপ্তাৰ হোৱা চিদাম্বৰমৰ আজি অন্ত পৰিছে CBI জিম্মাৰ ম্যাদ। চিদাম্বৰমৰ অগ্ৰিম জামিন আবেদন আৰু CBI জিম্মাক লৈ আজি শুনানি গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
CBI আৰু ED–এ আদালতক জনাইছে যে তেওঁলোকৰ ওচৰত অভিযোগ প্ৰমাণ কৰাৰ বাবে সম্পূৰ্ণ তথ্য মজুত আছে। EDৰ মতে, চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ সহযোগীৰ ১৭টা বেংক একাউণ্টৰ বিষয়ে তথ্য লাভ কৰা হৈছে। ইয়াৰ উপৰি অভিযুক্তই প্ৰমাণ নষ্ট কৰাৰো চেষ্টা চলাইছে।
আজি আন এটা গোচৰ অৰ্থাৎ এয়াৰচেল মেক্সিছ গোচৰতো পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্তি চিদাম্বৰমৰ অগ্ৰিম জামিনক লৈ ৰাউজ এভিনিউ ক’ৰ্টে শুনানি গ্ৰহণ কৰিব। CBI আৰু ED–এ এই গোচৰৰ তদন্ত কৰি আছে। ২০০৬ চনত চিদাম্বৰম বিত্ত মন্ত্ৰী হৈ থকা সময়ৰে এই গোচৰটো।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|