যুৱতীৰ সৈতে ‘নাগিন ডান্স’ কৰি থকা সময়তে যুৱকৰ মৃত্যু, কেনেকৈ? চাওক ভিডিঅ’

News18-Assam
Updated:September 15, 2019, 11:33 AM IST
যুৱতীৰ সৈতে ‘নাগিন ডান্স’ কৰি থকা সময়তে যুৱকৰ মৃত্যু, কেনেকৈ? চাওক ভিডিঅ’
গণেশৰ মূৰ্তি বিসৰ্জনৰ পিছত পূজাৰ পেণ্ডেলত নাচি থকা অৱস্থাতে হঠাৎ মৃত্যু হয় এজন যুৱকৰ।

গণেশৰ মূৰ্তি বিসৰ্জনৰ পিছত পূজাৰ পেণ্ডেলত নাচি থকা অৱস্থাতে হঠাৎ মৃত্যু হয় এজন যুৱকৰ।

  • News18 Assam
  • Last Updated: September 15, 2019, 11:33 AM IST
  • Share this:
মধ্য প্ৰদেশৰ সিৱনী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গণেশৰ মূৰ্তি বিসৰ্জনৰ পিছত পূজাৰ পেণ্ডেলত নাচি থকা অৱস্থাতে হঠাৎ মৃত্যু হয় এজন যুৱকৰ।

কাটিয়া গাঁৱত গণেশৰ মূৰ্তি বিসৰ্জন উপলক্ষে নাচ–গানত ব্যস্ত আছিল একাংশ লোক। ডিজে মিউজিকৰ তালে তালে পূজাৰ পেণ্ডেলত চলি আছিল ‘নাগিন ডান্স’। হঠাৎ গাঁৱৰে এজন যুৱকে মহিলাৰ পোছাক পিন্ধি নাচিবলৈ ধৰে। লগে লগে গুৰুচৰণ ঠাকুৰ নামৰ আন এজন যুৱকেও গানৰ তালে তালে নাচিবলৈ ধৰে।

নাচি থকাৰ মাজতে গুৰুচৰণে ওলোটা খৰ মাৰিবলৈ লওঁতে ঘটিল অঘটন। যুৱকজনৰ মূৰটো পোনে পোনে গৈ খুন্দা খালে মাটিত। লগে লগে ঢলি পৰে যুৱকজন। যুৱকজনৰ হঠাৎ কি হ’ল তাত উপস্থিত থকাসকলে ধৰিব পৰা নাছিল। কোনোৱে বুজি পোৱাৰ আগতেই মৃত্যু হয় যুৱকজনৰ।

যুৱকজনৰ আকষ্মিক মৃত্যুত অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। যুৱকজনৰ কেনেকৈ মৃত্যু হ’ল সেয়া কোনেও বুজিব পৰা নাছিল। কিন্তু সেই দৃশ্যৰ ভিডিঅ’ আবদ্ধ হৈছিল কেমেৰাত।



এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। প্ৰথম অৱস্থাত যুৱকজনৰ মৃত্যু হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত হোৱা বুলি অনুমান কৰা হৈছিল। আনহাতে, আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব।

 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: September 15, 2019, 11:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading